ASSAM TIMES POST
নগাঁও:কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে নগাঁও জিলাৰ ভালেসংখ্যক ব্যক্তি আৰু অনুষ্ঠানে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ অনুদান আগবঢ়ায়। নগাঁও লেবৰটৰী এছ’চিয়েচন অসমে আজি অসম আৰোগ্য নিধিলৈ ৩০ হেজাৰ টকা অনুদান আগবঢ়ায়।
এছ’চিয়েচনৰ সভাপতি ডাঃ বিমল কুমাৰ বৰদলৈ আৰু সম্পাদক সুজিৎ কৃষ্ণ কুন্ডুৱে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ জৰিয়তে আৰোগ্য নিধিলৈ ৩০ হেজাৰ টকাৰ এখন চেক প্ৰেৰণ কৰে। আনহাতে, অসম যুৱ ক্ৰিয়া উন্নয়ন সংস্থাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ ১০ হেজাৰ টকাৰ অনুদান আগবঢ়ায়।
ইপিনে, নগাঁও জিলাৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। আজি আশ্ৰয় চেৰিটেবুল ট্ৰাষ্টে জিলাখনৰ আমবাগান, লাওখোৱা, নগাঁও চহৰৰ চাফাই কৰ্মী সকলক খাদ্য সামগ্ৰী যোগান ধৰে। অসম জন মৰ্চাৰ তৰফৰ পৰা জিলাখনৰ ধিং সমষ্টিৰ অন্তৰ্গত লহকৰগাঁও, কান্দুলিমাৰী, জাৰামাৰী, লাঙ্গীয়া, জেঙনি আদি গাঁৱত কেইবা শতাধিক লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে।
নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদুৎ বৰদলৈয়ে সমষ্টিটোৰ অন্তৰ্গত ৯ টা বিধান সভা সমষ্টিৰ প্ৰায় ১৫ হাজাৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে । নগাঁও চহৰৰ নিবেদিতা ৱেলফেয়াৰ চ’ছাইটিয়ে চহৰখনৰ বিভিন্ন স্থানত সাহাৰ্য প্ৰদান কৰে।













