ASSAM TIMES POST
নগাঁও: কৰোনা ভাইৰাছ সংক্ৰমণৰ ভয়াবহতা আৰু লকডাউনৰ বাবে এইবাৰ ম্লান হৈ পৰিল শ্ৰমিক শ্ৰেণীৰ ঐক্য সংহতিৰ বাৰ্তা কঢ়িওৱা অনুষ্ঠান মে’ দিৱস। আজি নগাঁও জিলাতো পূৰ্বৰ পৰিৱেশ নথকাৰ বাবে সীমিত ব্যৱস্থাপনাত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়।
শ্ৰমিক দিৱস উপলক্ষে নগাঁৱৰ ঘাঁহি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় খেল পথাৰত ‘চিতু’ৰ নগাঁও জিলা সমিতি আৰু নগাঁও জিলা নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ উদ্যোগত আজি মে’ দিৱস পালন কৰা হয়। লকডাউনৰ নীতি নিৰ্দেশনা আৰু সামাজিক দূৰত্ব মানি এই দিৱস পালন কৰা হয়।
সীমিত পৰিসৰত অনুষ্ঠিত মে’ দিৱসৰ কাৰ্যসূচীত শ্ৰমিক নেতা মুকুট চন্দ্ৰ ভূঞা, মধু মণ্ডল, সোমেশ্বৰ দাস, কিষাণ সভাৰ গোবিন নাথ, সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, সমাজ কৰ্মী ৰেৱ দাসে অংশ গ্ৰহণ কৰে। পতাকা উত্তোলন কৰাৰ পিছতে স্থানীয় দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী বিতৰন কৰা হয়। চি পি আই( এম ), চি পি আই ( এম এল ), চি পি আই, নগাঁও জিলা মজদুৰ ইউনিয়নে নিজৰ নিজৰ কাৰ্যালয়ত, শিলঘাটৰ অসম সমবায় মৰাপাট কল আৰু বিভিন্ন চাহ বাগিচাত সীমিত পৰিসৰত শ্ৰমিক দিৱস পালন কৰা হয়।
ইপিনে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু মাইক্ৰ ফাইনেন্স সংগ্ৰামী সন্হাৰ উদ্যোগত আজি নগাঁও জিলাতো আন্তৰ্জাতিক মে দিৱস পালন কৰা হয়।সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই জানিবলৈ দিয়া মতে নগাঁও জিলাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপিত মে’ দিৱসত জীপাল কৃষক শ্ৰমিক সংঘ, গ্ৰাম্য অৰ্থনীতিৰ সুৰক্ষা মঞ্চ, গোৱালপাৰা কৃষ্ণাই ঠেলা মটিয়া শ্ৰমিক সন্থা,কৃষক গৰীৱ ন্যায় সন্হা অসম, মজুৰি শ্ৰমিক ইউনিয়ন, সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সমিতি, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম প্ৰগতিশীল নাৰী অধিকাৰ সংগ্ৰাম সমিতি, কাকী প্ৰতিবাদী সজাগতা মহিলা সমিতি আদিয়েও নিজ নিজ স্থানত মে’ দিৱস পালন কৰে।













