ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত:
বােকাখাত মহকুমাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ অগ্রগতিৰ বিষয়ে সবিশেষ আলােচনা কৰিবৰ বাবে আজি মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমা উন্নয়নী সভা অনুষ্ঠিত কৰা হয়। অসম চৰকাৰৰ কৃষি, পশু-পালন, নগৰ উন্নয়ন আৰু খাদ্য সংশাধন বিভাগৰ মাননীয় মন্ত্রী তথা বােকাখাত মহকুমাৰ বিধায়ক অতুল বৰাৰ উপস্থিতিত সামাজিক দুৰত্ব মানি আয়ােজন কৰা এই উন্নয়নী সভাত কৃষি, পশু-পালন, স্বাস্থ্য, জনস্বাস্থ্য-কাৰীকৰি, গড়কাপ্তানী পথ তথা গৃহ, জলসম্পদ, বিদ্যুৎ আদি বিভাগৰ উন্নয়নমূলক কামকাজৰ খতিয়ান লােৱা হয়। কৃষি মন্ত্রী অতুল বৰাই মহকুমা কৃষি বিভাগৰ পৰা লক ডাউনৰ সময়ছােৱাত জিলাখনত কৃষিক্ষেত্ৰত হােৱা ক্ষয়-ক্ষতিৰ বুজ লােৱাৰ লগতে জিলাখনত ক্ষতিগ্রস্ত কৃষকৰ ক্ষয়-ক্ষতিৰ সঠিকভাবে পৰ্য্যাবেক্ষণ কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

মন্ত্রীগৰাকীয়ে কৃষিবিভাগ কৃষকসকলক বিভিন্ন উদ্যান শস্য যেনে পটল, বেঙেনা, জলকীয়া, জিকা আদিৰ খেতি স্থানীয়ভাবে কৰিবলৈ উৎসাহ যােগাবলৈ আহ্বান জনায়। উল্লেখযােগ্য যে, লক ডাউনৰ সময়ছােৱাত মুখ্যমন্ত্রী কৃষি সা-সজুলি আৰু প্রধানমন্ত্রী কিষান নিধি আঁচনিৰ অধীনত জিলাখনৰ কৃষক ৰাইজৰ মাজত ২৫ কোটি ১৮ লাখ ১২ হাজাৰ টকা বিতৰণ কৰা হৈছে। ইয়াৰ উপৰিও বিগত বৰ্ষতকৈ এই বর্ষটোত পাচলিৰ উৎপাদন যথেষ্ঠ বৃদ্ধি পাইছে আৰু বহি ৰাজ্যলৈ শাক-পাচলি ৰপ্তানি কৰা হৈছে। জিলাখনৰ কৃষিবিভাগৰ বিষয়াসকলক মন্ত্রীগৰাকীয়ে কৃষকসকলক কৃষিক্ষেত্ৰত উৎসাহ যােগাবলৈ আহ্বান জনায়। কৃষিমন্ত্রী গৰাকীয়ে কৃষিকৰ্ম আৰু মীন তথা পশু পালনৰ জৰিয়তেহে ৰাজ্যখনৰ অর্থনীতি টনকিয়াল কৰিব পৰা যাব বুলিও উল্লেখ কৰে। এইক্ষেত্ৰত চৰকাৰী বিভাগসমূহেও পূর্ণ সহযােগিতা আগবঢ়াব বুলিও আস্বাস দিয়ে।
সভাত মন্ত্রীগৰাকীয়ে পশু-চিকিৎসা বিভাগৰ পৰা জিলাখনত স্বোৱাইন ফিভাৰৰ সন্দৰ্ভত বিতংভাবে আলােচনা কৰাৰ লগতে জিলাখনত গাহৰি পালনৰ অঞ্চলসমূহত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা লবলৈ আৰু নিয়মিত চিটা দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। সভাত গােলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্র মােদী, বােকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, গােলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত খনিন্দ্র দাস, বােকাখাতৰ ৰাজহচক্ৰ বিষয়া মানস জ্যোতি নাথ উপস্থিত থাকে।












