ASSAM TIMES POST
নগাঁও : বাৰানসীৰ কাশী বিশ্বনাথৰ পৰা মাংগলিক কাৰ্য সম্পন্ন কৰিবৰ বাবে অহা এটা পুৰোহিতৰ দল লকডাউনৰ বাবে নগাঁও চহৰত আৱদ্ধ হৈ পৰে। আনহাতে নগাঁৱত আৱদ্ধ হৈ থকা বাৰানসীৰ পুৰোহিতৰ দলটো নিজ গৃহলৈ যাৱৰ বাবে ব্যাকুল হৈ পৰিছে।
জানিব পৰা মতে, নগাঁৱৰ কেইবাগৰাকীও ব্যৱসায়ীৰ অনুৰোধত কাশী বিশ্বনাথৰ পৰা অসমলৈ ৰুদ্ৰ-অভিষেক আৰু মহামৃত্যুঞ্জয় যজ্ঞৰ বাবে ভগৱান ডুবে নামৰ পুৰোহিতজনৰ নেতৃত্বত তেওঁৰ দুই পুত্ৰসহ পাঁচজনীয়া এটা পুৰোহিতৰ দল যোৱা ১২ মাৰ্চত অসমলৈ আহে। আনহাতে ২৪ মাৰ্চত ৰেলেৰে পুনৰ বিহাৰৰ নিজ গৃহলৈ ঘূৰি যোৱাৰ পৰিকল্পনাৰে অহা দলটো লক ডাউনৰ বাবে নগাঁৱত আবদ্ধ হৈ পৰে।
আনহাতে নগাঁৱত থকা সময়তে পুৰোহিতজনৰ বিহাৰত থকা পত্নী অসুস্থ হৈ পৰে। পত্নীৰ চিকিৎসাৰ বাবে বিহাৰলৈ ঘূৰি যোৱাৰ অনুমতি বিচাৰি পুৰোহিত ডুবে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ কাষ চাপে। বিধায়ক শৰ্মাই জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে এখন ব্যক্তিগত বাহনত বিহাৰৰ পুৰোহিতৰ দলটোক উভতি যোৱাৰ ব্যৱস্থাও কৰি দিয়ে।
অৱশেষত ১১ এপ্ৰিলত তেওঁলোকে নগাঁৱৰ পৰা বিহাৰ অভিমুখে যাত্ৰা কৰে । ইপিনে পুৰোহিতৰ দলটো পশ্চিমবংগত প্ৰৱেশ কৰাৰ পিচতেই আৰক্ষী আৰু প্ৰশাসনে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰি পুনৰ অসমলৈ ঘূৰাই পঠিয়াই। উপায় বিহীন হৈ পুৰোহিত ভগৱান ডুবে আৰু তেওঁৰ দুই পুত্ৰসহ পাঁচজনীয়া দলটো পুনৰ নগাঁৱলৈ ঘূৰি আহে।
১২ এপ্ৰিলত পুনৰ নগাঁৱত উপস্থিত হোৱা পাঁচজনীয়া পুৰোহিতৰ দলটোক মাৰোৱাৰী যুৱ মঞ্চৰ সম্পাদক কৰণ আগৰৱালাই নগাঁৱৰ জৈন ভৱনত থকাৰ ব্যৱস্থা কৰি দিয়ে । আনহাতে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই পুনৰ ঘূৰি অহা পুৰোহিতৰ দলটোক দলটোক সৰ্বতোপ্ৰকাৰৰ সহায়- সহযোগিতা আগবঢ়ায়।
বৰ্তমান জৈন ভৱনতে আশ্ৰয় লৈ থকা পুৰোহিতৰ দলটোক নিত্য পূজা-কৰ্মৰ লগতে অন্যান্য সকলো ব্যৱস্থা কৰি দিয়ে নগাঁৱৰ কেইবাগৰাকীও ব্যক্তিয়ে। তৎসত্বেও তেওঁলোকে বাৰানসীৰ কাশী বিশ্বনাথৰ দৰ্শন আৰু নিজ গৃহলৈ উভতি যাবৰ বাবে উদগ্রীৱ হৈ পৰিছে ।
আনহাতে পত্নীৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে শীঘ্ৰেই ঘৰলৈ উভতি যোৱাৰ প্ৰয়োজন ভগৱান ডুবেৰ। সেয়ে নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ ব্যৱস্থা কৰি দিবৰ বাবে ৫ জনীয়া পুৰোহিতৰ দলটোৱে চৰকাৰক আহ্বান জনাইছে













