ASSAM TIMES POST
নিউজ ডেস্ক
বৰ্তমান বিভিন্ন ঠাইত কাঠফুলা গজি উঠিছে৷ এই বিষাক্ত কাঠফুলা খাই বিগত সময়ত বহু লোকৰ মৃত্যু হৈছে৷ তেনেদৰে এইবাৰ কাঠফুলা খাই চৰাইদেউ জিলাৰ সাপেখাটীত এগৰাকী মহিলাৰ মৃত্যু হয়৷ ইয়াৰ লগতে মহিলাগৰাকীৰ পৰিয়ালৰ আন তিনিজন লোক চিকিৎসাধীন হ’ব লগা হয়৷ এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই৷ এক বিবৃতিত আছাৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সম্পাদক দেবেন ওৰাঙে কয়, দীৰ্ঘদিনীয়া লকডাউনৰ ফলত ৰাজ্যখনৰ চাহ বাগিচা অঞ্চলৰ লগতে গাঁও অঞ্চলত খাদ্যৰ সংকটে দেখা দিছে৷ চৰকাৰ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সাহায্য ব্যৱস্থাৰ যোগেদি দৰিদ্ৰ ৰাইজক সকাহ দিব পৰাকৈ খাদ্য সামগ্ৰী বিতৰণ কৰিছে যদিও এই ব্যৱস্থাই এতিয়াও বহু লোকক ঢুকি পোৱা নাই ৷ বাগিচাবোৰত ৰেচন আৰু বিনামূলীয়া চাউল পাইছে যদিও প্ৰায় ডেৰ মাহ ধৰি শ্ৰমিকসকলে কেঁচা শাক-পাচলি কিনিব পৰা নাই৷ কিছু সংখ্যকে প্ৰতি সাজত আলু, দাইলেৰে আহাৰ গ্ৰহণ কৰিবলগীয়া হৈছে যদিও কিছুয়ে কেৱল ভাতকে খাই দিন অতিবাহিত কৰিবলগীয়া হৈছে৷ কেঁচা শাক-পাচলি কিনাৰ সামৰ্থ্য নোহোৱাত এই বতৰত হোৱা বিষাক্ত কাঠফুলা খোৱাৰ ভয় আছে৷
উল্লেখ্য যে চৰাইদেউ জিলাৰ সাপেখাটিত বিষাক্ত কাঠফুলা খাই শুৱলা বৰা (৩২)ই নামৰ মহিলাগৰাকীৰ মৃত্যু হয়৷ আনহাতে তেওঁৰ স্বামী বিখেশ্বৰ বৰা (৩৪), পুত্ৰ আৰু কন্যা ক্ৰমে হিমাদ্ৰী বৰা (১৪), দেৱজিৎ বৰা (৯) বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীয় হ’বলগীয়া হোৱাত আছাই দুখ প্ৰকাশ কৰিছে৷ প্ৰতি বছৰে ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে চাহ বাগিযাবোৰত এই বিষাক্ত কাঠফুলা খাই অকাল মৃত্যুক সাৱটিব লগা হয়, সেইয়ে এই সংকটৰ সময়ত কোনো যাতে বিষাক্ত কাঠফুলা নাখাই তাৰ বাবে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে ৰাইজক গোহাৰি জনাইছে৷ লগতে সকলো আছা কৰ্মকৰ্তা আৰু সচেতন ব্যক্তিক সকলোকে সজাগ কৰিবলৈ আহ্বান জনাইছে৷












