ASSAM TIMES POST
নিউজ ডেস্ক:
কৰোনাত আক্ৰান্ত হৈছে আৰু ৬৮জন চি আৰ পি এফ জোৱান। আক্ৰান্ত আটাইকেইজন জোৱানেই একেটা বেটেলিয়নৰ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এই জোৱান কেইজন আক্ৰান্ত চি আৰ পি এফ জোৱানসকলৰ লগত একেলগে পূব দিল্লীৰ এটা কেম্পত আছিল। ইয়াকে লৈ এতিয়া এই বেটেলিয়নটোত আক্ৰান্তৰ সংখ্যা ১২২জনলৈ বৃদ্ধি পালে।
উল্লেখযোগ্য যে উক্ত বেটেলিয়নটোৰে অসমৰ গোৱালপাৰাৰ এগৰাকী চি আৰ পি এফ বিষয়াৰ ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু ঘটিছে।












