ASSAM TIMES POST
নিউজ ডেস্ক:
দেশত কৰোনা সংক্ৰমণ ৰোধিবলৈ তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰা হৈছে। অহা ১৭ মে’লৈ আৰু ১৪ দিনৰ বাবে লকডাউন বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু লকডাউনৰ সমান্তৰালভাৱে যেন বৃদ্ধি ঘটিব লাগিছে কৰোনা আক্ৰান্তৰ সংখ্যা, বাঢ়িছে মৃত্যুও।

এই মুহূৰ্তত দেশত কৰোনা আক্ৰান্তই অতিক্ৰম কৰিলে ৩৭ হাজাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুযায়ী দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩৭ হাজাৰ ৪০০। বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ২ হাজাৰ ২৯৩জন। মৃত্যু হৈছে ৭২জনৰ। ফলত মুঠ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ১২২০লৈ। অৱশ্যে সুস্থ হৈ উঠিছে ৯ হাজাৰ ৯৫১জন।
দেশৰ ভিতৰত সকলোতকৈ ভয়ানক পৰিস্থিতি মহাৰাষ্ট্ৰ, গুজৰাট আৰু দিল্লীৰ। এই তিনি ৰাজ্যত সংক্ৰমণৰ হাৰ অধিক বৃদ্ধি পোৱাৰ লগতে বাঢ়িছে মৃত্যুৰ সংখ্যাও।
মহাৰাষ্ট্ৰত ইতিমধ্যেই আক্ৰান্ত হৈছে ১১ হাজাৰ ৫০০ৰো অধিক। মৃত্যু হৈছে ৪৮৫জনৰ। দ্বিতীয় স্থানত থকা গুজৰাটত আক্ৰান্তৰ সংখ্যা ৪ হাজাৰ ৭৩৮জন। মৃত্যু হৈছে ২৩৬জনৰ। ইয়াৰ পিছতে সৰ্বাধিক আক্ৰান্ত হৈছে নতুন দিল্লীত। ইয়াত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৩ হাজাৰ ৭৩৯জন।












