ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্য সংবাদ মাধ্যমৰ মুখ্য সম্পাদক সকলৰ সৈতে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক।ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠক খনত অসম সংবাদ মাধ্যমৰ ২৭ গৰাকী সম্পাদক উপস্থিত থাকে।ৰাজ্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত,ৰাজ্য মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, ফণীভূষণ চৌধুৰী প্ৰমুখ্যে বহুকেইজন মন্ত্ৰী-বিষয়া উপস্থিত থাকে।
বৈঠকৰ পিছতে ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় বৈদ্যুতনিক আৰু প্ৰিন্ট মিডিয়াৰ সম্পাদক সকলৰ সৈতে বৈঠক অনুষ্ঠিত হয়।বৈঠকত চৰকাৰে কি কি আৰু প্ৰদক্ষেপ গ্ৰহণ কৰিব লাগে কেনেদৰে তৃতীয় পৰ্যায় লকডাউন সফল কৰিব পৰা যায় সেই সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰে চৰকাৰে।


উল্লেখ যে মহামাৰী ক’ৰনা সংক্ৰমণ ৰোধ কৰা বাবে পৰামৰ্শ বিচাৰি ৰাজ্য চৰকাৰে বিৰোধী ৰাজনৈতিক শিবিৰ, ধৰ্মগুৰু, অৰ্থনীতিবিদ সকলৰ সৈতে বৈঠকত মিলিত হৈছিল।তাৰ পিছতে আজি পুনৰ চৰকাৰে ৰাজ্য সংবাদ মাধ্যমৰ সম্পাদক সকলৰ পৰা গ্ৰহণ কৰে পৰামৰ্শ।
সম্পাদক সকলে আন্তৰিকতাৰে বহু গুৰুত্বপূৰ্ণ কথা আগবঢ়োৱা বুলি উল্লেখ কৰি সোনোৱালে কয় “তেওঁলোকৰ প্ৰতিটো পৰামৰ্শ লিপিবদ্ধ কৰিছোঁ।সাংবাদিক সকলে ক’ৰনা সময়ত বহু কষ্টৰে দায়িত্ব পালন কৰিছে।তাক আমি উপলব্ধি কৰিছোঁ”।
ক’ৰনা পিছতে বানপানী বাবে চৰকাৰক প্ৰস্তুত হৈ থকা আহ্বান জনায় সম্পাদক সকলে বুলি উল্লেখ কৰি সোনোৱালে কয় “বাতৰি কাকত আৰু আলোচনী প্ৰতি অহা প্ৰত্যাহ্বানক বিবেচনা কৰা আহ্বান জনাইছে।কিতাপৰ দোকান মুকলি কৰাৰো মত প্ৰকাশ কৰিছে”।












