ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰনা মাজতে ৰাজ্যৰ গাহৰি পালক সকলৰ বাবে দু-খবৰ।আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগত আক্রান্ত অসমৰ গাহৰি।এই কথা নিশ্চিত হ’ল ভূপালৰ পৰা কিছুসময় পূৰ্বে অহা পৰীক্ষাৰ ফলাফলত।উল্লেখ যে অসমৰ পৰা ১০টা চেম্পুল প্ৰেৰণ কৰা হৈছিল পৰীক্ষাৰ বাবে।দুৰ্ভাগ্যজনক কথাটো এই যে ১০টা চেম্পুলতে পোৱা গৈছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ উপস্থিতি।
গুৰুত্বপূৰ্ণ কথা এই যে ক’ৰনা দৰে এই ৰোগৰো নাই কোনো ঔষধ।এই কথা ইতিমধ্যে কৃষি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে।ফলত আক্রান্ত গাহৰি সমূহ হয়তো মাৰি পেলাব লগা হব পাৰে অন্য গাহৰি সমূহ সুস্থ কৰি ৰাখিবলৈ।
এই ৰোগৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ আছে নিৰ্দিষ্ট গাইড লাইন।সুস্থ গাহৰি সমূহক কৰা হব কোৱাৰেণ্টাইন।
মানুহৰ দেহলৈ বিয়পিব নোৱাৰে এই ৰোগ।












