ASSAM TIMES POST
নিউজ ডেস্ক:
প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা (PMGKY)ৰ অধীনত জন ধন একাউণ্টৰ জৰিয়তে উপভোক্তাসকলক প্ৰদান কৰা ৫০০ টকা কেতিয়া উলিয়াব পাৰিব সেই বিষয়ে এক সময় তালিকা প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ বিত্তীয় সেৱা বিভাগে।
বিত্তীয় সেৱা বিভাগৰ সচিব দেৱশীষ পাণ্ডাই টুইটযোগে আজি জনায় যে PMGKYৰ অধীনত মে’ মাহৰ কিস্তি ৫০০ টকা মহিলাৰ জন ধন একাউণ্টলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। উক্ত ধন একাউণ্টত সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে।
বেংকৰ ভিৰৰ পৰা হাত সাৰিবলৈ তলৰ সময় সূচী অনুযায়ী টকাসমূহ উলিয়াব পাৰিব। উক্ত সময় সূচী নিৰ্ধাৰণ কৰা হৈছে বেংক একাউণ্টৰ শেষৰ নম্বৰটোৰ ওপৰত ভিত্তি কৰি। সেই অনুযায়ী ০ আৰু ১ৰে শেষ হোৱা একাউণ্ট নম্বৰৰ গৰাকীসকলে বেংকৰ টকা উলিয়াব পাৰিব ৪ মে’ত। আনহাতে, ২ আৰু ৩ সংখ্যাৰ গৰাকীয়ে উলিয়াব পাৰিব ৫ মে’ত।
৪ আৰু ৫ সংখ্যাৰে শেষ হোৱা একাউণ্ট নম্বৰসমূহে জমা ধন উলিয়াব পাৰিব ৬ মে’ত আৰু ৬ আৰু ৭ সংখ্যাৰ একাউণ্টসমূহে ৮ মে’ত ধন উলিয়াব পাৰিব।
আনহাতে, ৮ আৰু ৯ নম্বৰেৰে শেষ হোৱা একাউণ্ট নম্বৰৰ গৰাকীসকলে তেওঁলোকৰ জমা ধন অহা ১১ মে’ত বেংকৰ পৰা উলিয়াব পাৰিব।
ইয়াৰ উপৰি যিসকলে এই সময় সূচী অনুসৰি ধন উলিয়াব নিবিচাৰে বা উলিয়াব নোৱাৰে, তেওঁলোকে ১১ মে’ৰ পিছত যিকোনো এটা খোলা দিনত ধন উলিয়াব পাৰিব।












