ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ
বিশ্ববাসীক ত্ৰাহি মধুসুদন দেখুওৱা ক’ৰ’ণা ভাইৰাছৰ যুঁজখনৰ অক্লান্ত সৈনিক হিচাপে সেৱা আগবঢ়োৱা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীসকলক শনিবাৰে গোলাঘাটৰ অখিল বিদ্যাৰ্থী পৰিষদে সন্মান জনায়৷
বিগত সময়চোৱাত এই চিকিৎসালয়ত ক’ৰ’ণা পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত চৰকাৰে গোলাঘাট জিলাক ৰেড জ’ন হিচাপে চিহ্নিত কৰিছিল৷ চিকিৎসালয় কৰ্তৃপক্ষৰ অক্লান্ত সেৱাৰ বাবেই গোলাঘাট জিলাখন ক’ৰ’ণা মুক্ত হ’ল৷ শনিবাৰে চিকিৎসালয়ৰ কনফাৰেন্স হ’লত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে সংগঠনটোৰ প্ৰাক্তন সভাপতি অনুৰাগ চলিহাই৷
অধীক্ষক উত্তম দত্তই সহযোগিতা কৰা অনুষ্ঠানত চিকিৎসকসকল ক্ৰমে ডাঃ প্ৰীয়ংকা দেৱী, ডাঃ কিশোৰ ভাগৱতী, ডাঃ ভাস্কৰ খেৰীয়া, ডাঃ শ্বাশ্বত বৰুৱা, ডাঃ সম্প্ৰীতি বৰা, ডাঃ ৰেকিৱ হুছেইন, ডাঃ সুনীল কুৰ্মীক সন্মান জনোৱাৰ লগতে স্বাস্থ্য কৰ্মী জুমনী বৰুৱা, লটাশ্ৰী নাথ, সীমান্ত বৰুৱা, ভৃগু সোনোৱাল, নিৰঞ্জন শইকীয়া, ননী দাস, মাইনু বৰা, লখিমী বৰুৱা, বিজু বৰা, ৰূপৰেখা কুৰ্মী, গোবিন শইকীয়া, উপেন বৰা, দুলেন বৰা, দিপু বৰা আৰু ষ্টাফ নাৰ্চ গীতামনী শইকীয়া, প্ৰিয়ংকা ভূঞা, মামনি বেজবৰুৱা, প্ৰতীম বৰা, কুকৰাম গোবিন্দ সিঙৰ লগতে লেবটেকসকল হ’ল ক্ৰমে মমী ৰাজখোৱা, ৰমেন কাকতি, সমুজ্জ্বল বৰা, ৰিংকু ৰয়, শান্তনু শৰ্মা আৰু দেৱজিৎ লাহনক সন্মান জনায়৷
ইফালে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী দিপক বৰা আৰু বাবু সোণাৰ আহমেদকো সন্মান জনায়৷ এইসকলক শনিবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ফুলাম গামোচাৰে সন্মান জনোৱাৰ লগতে ৰঙালী বিহুৰ জলপানো একেলগে খায়৷ অনুষ্ঠানত সংগঠনটোৰ বিষয়ববীয়া ৰণ্টু দত্ত, লাচিত মেধী, সমীহ বৰা, দেৱপ্ৰতীম গগৈকে ধৰি বহু সদস্য উপস্থিত আছিল৷













