ASSAM TIMES POST
নিউজ ডেস্ক:
কালিলৈ পৰা দেশত আৰম্ভ হ’ব ক’ৰনা ভাইৰাছ প্ৰতিৰোধৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউন।১৪দিনৰ বাবে ঘোষণা হোৱা তৃতীয় পৰ্যায়ৰ লকডাউনৰ বাবে কেন্দ্ৰ গৃহমন্ত্ৰণালয়ে ইতিমধ্যে জাৰি কৰিছে নিৰ্দেশনা সমূহ।
ইফালে কেন্দ্ৰ নিৰ্দেশনা প্ৰয়োগ কৰাৰ লগতে ৰাজ্যত নিজাকৈ গ্ৰহণ কৰা হ’ব কিছু ব্যৱস্থা।অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা শনিবাৰৰ এক সংবাদ মেলত প্ৰকাশ কৰিছে।উল্লেখ যে ৰাজ্য জনতাৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনৰ চুড়ান্ত নিৰ্দেশনা ৰাজ্য চৰকাৰে আজি আবেলি প্ৰকাশ কৰিব।তাৰ পূৰ্বে ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত অসম চৰকাৰৰ মন্ত্ৰী তথা শীৰ্ষ বিষয়া বৈঠক অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী আৱাস গৃহ ব্ৰহ্মপুত্ৰৰ অতিথিশালাত।বৈঠক খনতে চূড়ান্ত হ’ব নতুন নিৰ্দেশনা সমূহ।
ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে গ্ৰীণ জ’নত পূৰ্বতকৈ যথেষ্ট শিথিলতা আহিব লকডাউন।অৰ্থনৈতিক কাম-কাজ সমূহ সামাজিক দূৰত্ব বজাই ৰাখি আৰম্ভ হ’ব।ৰাজ্য চৰকাৰে নিজাকৈ জন সমূহ পুনৰ চিনাক্ত কৰিব।
অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ পূৰ্বৰ দৰে গ্ৰীণ ‘জন অঞ্চলত চলাচল কৰিব।কিন্তু বাছ সমূহ ৫০ শতাংশ যাত্ৰীৰে চলিব লাগিব।পূৰ্বত কৈ কম হ’ব বাছৰ সংখ্যা।
আনহাতে কেন্দ্ৰ ৭বজাৰ বিপৰীতে অসমত সন্ধিয়া ৬বজা পৰা পুৱা ৬বজালৈ প্ৰযোজ্য হব ১৪৪ধাৰা।












