ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ মাজতে আছে এক ভাল খবৰ। চলিত বর্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱৰ্তীন হোৱা ছাত্ৰ-ছাত্ৰীৰ ফলাফল ঘোষণাৰ বাবে সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে প্ৰকাশ কৰা অনুসৰি ২৫ জুনৰ ভিতৰত ঘোষণা হ’ব চলিত বৰ্ষ পৰীক্ষাৰ ফলাফল।পৰীক্ষাথী ৯০ শতাংশ বহী মুল্যাংকন কাম সম্পূৰ্ন হোৱা বুলি তেওঁ জানিবলৈ দিয়ে।
উল্লেখ যে পূৰ্বতে প্ৰায়ে মে’ মাহতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল যদিও ক’ৰনা বাবে এইবাৰ কিছু পলম হ’ব ফলাফল ঘোষণা।গুৰুত্বপূৰ্ণ কথা এই যে যাতে ফলাফল ঘোষণা কৰোতে কোনো ক্ৰুটি ৰৈ নাযায় তাৰ বাবে কিছু সময় লোৱা হৈছে বহী মূল্যাংকন কৰোতে।












