ASSAM TIMES POST
নিউজ ডেক্স:
পুনৰ ৰাঙলী হ’ল জম্মু-কাশ্মীৰৰ ভূমি। জনমভূমি ভাৰতবৰ্ষৰ ৰক্ষাৰ নিমিত্তে জীৱন উচৰ্গা কৰিলে দেশৰ পাচজনকৈ বীৰ জোৱানে। ৰবিবাৰে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ হেণ্ডৱাৰা চহৰত সন্ত্ৰাসবাদীৰোধী এক অভিযানত কৰ্নেল আশুতোচ শৰ্মা,মেজৰ অনুজ চোদ, দুগৰাকী জোৱান আৰু এজন পুলিচ কনিষ্টবল মৃত্যু মুখত পৰে।
অৱশ্যে জম্মু-কাশ্মীৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ এই যুটিয়া অভিযানৰ সময়চোৱাত দুজনকৈ দুধৰ্ষ সন্ত্ৰাসবাদীও নিহত হয়। আনহাতে নিহত হোৱা সন্ত্ৰাসবাদী দুগৰাকী কোনটো সংগঠনৰ সৈতে জড়িত এই কথা বৰ্তমানলৈ স্পষ্ট হোৱা নাই।












