ASSAM TIMES POST
বোকাখাত:আজিৰে পৰা বোকাখাতত পশুপালন বিভাগৰ উদ্যোগত মহকুমাটোৰ বিভিন্ন গ্ৰাম্য এলেকাৰ গাহৰি পালক সকলৰ মাজত আৰম্ভ হৈছে এলানি সজাগতা অভিযান কাৰ্যসূচী। সম্প্ৰতি কভিড-১৯ৰ সমান্তৰালকৈ আতংক বিয়পাইছে গাহৰিৰ মহামাৰীয়ে।
গ্ৰাম্য অৰ্থনীতি তচনচ কৰিবলৈ সংহাৰ মূৰ্তি ধাৰণ কৰিবলৈ উদ্যত হোৱা এই গাহৰিৰ মহামাৰীক প্ৰকৃততে সংক্ৰমক আফ্ৰিকান জ্বৰ বুলি ঠাৱৰ কৰা হৈছে। ১৯২১ চনত আফ্ৰিকাৰ গাহৰিৰ গাত দেখা দি চীন, তিব্বত আদি দেশলৈ বিয়পি অহা এইবিধ জ্বৰে সম্প্ৰতি অসমৰ গাহৰি পালকৰ সন্মুখত প্ৰত্যাহ্বান হৈ দেখা দিছে।
সন্দেহ কৰা হৈছে যে এই বেলিকাও চীনৰ পৰা অৰুণাচল প্ৰদেশ হৈ নৈত উটি অহা মৰা গাহৰিৰ পৰা অসমৰ গাহৰিলৈ সংক্ৰমণ ঘটিছে মাৰত্মক আফ্ৰিকান জ্বৰ। যোৱা পহিলা মে’ত বোকাখাতত অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই এখন সংবাদমেলত প্ৰকাশ কৰে যে ইতিমধ্যে ৰাজ্যখনত ২২,০৮২ টা গাহৰিৰ এই মহামাৰীত মৃত্যু ঘটিছে।
সজাগ হৈছে অসম চৰকাৰ। জানিব পৰা মতে এই মহামাৰীত আক্ৰান্ত অসমৰ গাহৰিৰ তেজৰ নমুনা ভূপালৰ পৰীক্ষাগাৰলৈ নি পৰীক্ষা কৰা হৈছে। উল্লেখ্য যে গাহৰি মহামাৰীক প্ৰতিহত কৰিবলৈ অসম চৰকাৰৰ পৰা অহা নিৰ্দেশ অনুসৰি সক্ৰীয় হৈছে পশুপালন বিভাগ।
এই উদ্দেশ্যে বোকাখাত মহকুমাৰ বিভিন্ন গ্ৰাম্য এলেকাত আজিৰে পৰা আৰম্ভ হোৱা সজাগতা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে বোকাখাতৰ পশু চিকিৎসকদ্বয় ডাঃ ৰঞ্জিত বৰা আৰু ডাঃ চৈয়দ মেহতাবে।
সজাগতা কাৰ্যসূচীৰ আজিৰ প্ৰথম দিনটোত বোকাখাত মহকুমাৰ ধনশিৰিমুখ, ১নং আৰু ২ নং বহিখোৱা গাঁও, বেল’গুৰি, কঁহৰাৰ শিলডুবি, বৰবিল আৰু হাতীখুলি বাগিছাৰ গাহৰি পালকসকলক লগ ধৰি এই মহামাৰীৰ বিষয়ে সতৰ্ক কৰি গাহৰিৰ ৰোগ লক্ষণ, মহামাৰীত মৰা গাহৰিক কেনেকৈ পুতিব লাগে, ৰোগৰ লক্ষণ দেখা দিয়া গাহৰিক আন গাহৰিৰ পৰা পৃথককৈ ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা আদিৰ বিষয়ে বিতংকৈ বুজাই কৈ গাহৰি পালক সকলক সজাগতা প্ৰদান কৰে পশু চিকিৎসকদ্বয়ে।
এই বিষয়ে লিখিত পুস্তিকাও বিতৰণ কৰা হয় ৰাইজৰ মাজত। সম্পূৰ্ণ সামাজিক আৰু শাৰিৰীক দূৰত্ব মানি চলি গাহৰি পালক সকলক পথাৰ, ৰাজহুৱা পথ ইত্যাদি স্থানত লগ ধৰিছিল সজাগতা অভিযানৰ দলটিয়ে।
পশু চিকিৎসকদ্বয়ৰ লগতে অভিযানটোত উপস্থিত আছিল বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা, বোকাখাত পশু চিকিৎসা বিভাগৰ কৰ্মচাৰীদ্বয় দ্ৰোণ ছেত্ৰী আৰু উজ্জ্বল গগৈ, বোকাখাতৰ ৰাজহ কৰ্মচাৰী দেবেন সেনাপতি আৰু জিতেন পেগু, এলেকা সমূহৰ গাঁওবুঢ়া সকলৰ লগতে গাহৰি পালক সকল।
প্ৰাপ্ত তথ্য অনুযায়ী ফাৰ্মৰ গাহৰিৰ বিপৰীতে মুক্ত গাহৰিহে আক্ৰান্ত হৈছে এই মহামাৰীত। সেয়েহে উক্ত গ্ৰামাঞ্চলত গাহৰি মহামাৰীয়ে দেখা দিয়া নাই যদিও এই মহামাৰীত গাহৰি আক্ৰান্ত হোৱাৰ সম্ভাৱনাৰ বাবেই চলোৱা হৈছে এই সজাগতা অভিযান।













