ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ নাগালেণ্ডৰ ডিমাপুৰত আবদ্ধ হৈ থকা গোলাঘাট জিলাৰ খুমটাই বিৰিণা গাঁৱৰ ৯ জন কৈ শ্ৰমিকক দেওবাৰে নিজ গৃহাভিমুখে আনি থকা হৈছে বুলি জানিব পৰা গৈছে।
দীৰ্ঘদিনে আবদ্ধ হৈ দুৰ্ভোগ ভোগা শ্ৰমিকসকলক সকাহ দিয়াৰ উদ্দেশ্যে বিশেষ উদ্যোগ গ্ৰহণ কৰে বোকাজান সমষ্টিৰ বিধায়ক নোমল মমিন আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই।
ৰাইজৰ বিনামূলীয়া সেৱাৰ বাবে উৎসৰ্গা কৰা বিধায়ক মৃণাল শইকীয়াৰ বিশেষ গাড়ীৰে শ্ৰমিকসকলক খুমটাইৰ নিজা ঘৰলৈ অনা হৈছে।উল্লেখ্য যে, বিধায়ক মৃণাল শইকীয়া আৰু বিধায়ক নোমন মমিনে লকডাউনৰ ফলত দুৰ্ভোগ ভোগা আৰ্তজনৰ কাষত থিয় হৈ সকাহ দিয়াৰ আন্তৰিক প্ৰয়াস অব্যাহত ৰাখিছে।













