ASSAM TIMES POST
নগাঁও: বিবাহ বুলি কলেই সীমাহীন আনন্দৰ এক অনুষ্ঠান । বিবাহ পাশত আবদ্ধ হৈ দৰা- কইনাই যুগ্মজীৱনৰ পাতনি মেলে । যুৱক – যুৱতীয়ে নিজৰ বিবাহক লৈ সপোন ৰচে। বুকুত থাকে অলেখ অযুত আশা। মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ বাবেই এইবাৰ বহু যুৱক-যুৱতীয়ে জীৱনৰ বহু আকাংক্ষিত বিবাহ কার্য পূৰ্বে স্হিৰ কৰা দিনত সম্পন্ন কৰিব পৰা নাই ।
কৰোনা ভাইৰাছ সংক্ৰমণৰ ভয়াবহতাই সৃষ্টি কৰা উদ্বিগ্নতা আৰু আতংকময় পৰিৱেশৰ বাবে যুৱক-যুৱতীয়ে বৰ্তমান মনে বিচৰাৰ দৰে বিবাহ কার্য সম্পন্ন কৰাৰ পৰা বিৰত থাকিব লগাত পৰিছে । নিজৰ বিবাহক লৈ ৰচা ৰঙীন সপোনক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাই ম্লান কৰিলেও নগাঁৱত আজি অনাড়ম্বৰ পৰিবেশত এখন বিবাহ কার্য সম্পন্ন হয়।
কৰোনা ভাইৰাছ কোভিড -১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশ জুৰি চলি থকা লকডাউনৰ মাজতেই নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী বিষ্ণু নগৰত অনুষ্ঠিত হয় এই ব্যতিক্ৰমী বিবাহ অনুষ্ঠান। মিন্টু বৰা আৰু মণি কংকণা শইকীয়া নামৰ দুই যুৱক- যুৱতীয়ে নিজৰ বিবাহৰ আনুষ্ঠানিকতাক লৈ বুকুত সাঁচি ৰখা আশাক জলাঞ্জলি দি লকডাউনৰ মাজতে মুখত মাস্ক পিন্ধি হোমৰ গুৰিত বহে।
দৰা আৰু কইনা উভয়ৰে পিতৃ- মাতৃয়ে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰিয়েই মাত্ৰ ৫-৬ জন পৰিয়ালৰ সদস্যৰ উপস্থিতিত অনুষ্টুপীয়াকৈ পাতিলে নিজ সন্তানৰ বিবাহ। বিবাহৰ মাংগলিক কাৰ্য এনেদৰে সীমিত পৰিসৰত সম্পন্ন কৰি দৰা- কইনাৰ যুগ্মজীৱনৰ সফলতা কামনা কৰিলেও হেঁপাহৰ বিবাহখনৰ আনন্দ বুটলিব নোৱৰাৰ ক্ষোভ থাকি গ’ল দৰা আৰু কইনা উভয় পক্ষৰ ।
আনহাতে অসম চৰকাৰৰ লগতে নগাঁও জিলা প্ৰশাসনে বিবাহ অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰাৰ বাবে দুয়োটা পৰিয়ালে চৰকাৰ আৰু প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰে।













