ASSAM TIMES POST
বামুণৰ নাকত খৰ। লংকাত চৰকাৰ, আৰক্ষী প্ৰশাসনৰ মুৰব্বীয়েই ভংগ কৰিলে লকডাউন। প্ৰথমে এই দৃশ্যলৈ মন কৰক। এইয়া লকডাউনৰ মাজতেই লংকাৰ ৭নং বাৰ্ডৰ আজিৰ দৃশ্য। লকডাউন অমান্য কৰি প্ৰশাসনৰ নিৰ্দেশক ধূলীচাত কৰি হোজাই জিলা বিজেপি যুব মৰ্চাই মাস্ক বিতৰণৰ বাবে পাতিলে এক সভা। যত ৰাইজৰ মাজত বিতৰণ কৰিলে মাস্ক।
লকডাউনত চৰকাৰে দিয়া নীতি-নিৰ্দেশনা অমান্য কৰি মাস্ক বিতৰণ কৰা অনুষ্ঠানত উপস্থিত থাকিল হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবে, অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস, লংকা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মাকে বিজেপিৰ জিলা প্ৰৰ্য্যায়ৰ নেতা-পালিনেতা। সামাজিক দূৰত্ব বজাই নৰখি এনেদৰে সভা অনুষ্ঠিত কৰা সন্দৰ্ভত বিধায়কক সাংবাদিকে সোধা প্ৰশ্নত তেওঁ কয় যে, এইয়া সভা নহয়। ইয়াত ভাষণ দিয়া নাই। আমি গ্ৰীণ বেল্টত আছো এইবোৰ এৰা-ধৰা মাজেৰে চলিব লাগিব।












