ASSAM TIMES POST
নিউজ ডেস্ক:
এইবাৰ অতিক্ৰম কৰিলে ৪০ হাজাৰৰ সংখ্যাও। এয়া হ’ল ভাৰতত বৰ্তমান কৰোনা আক্ৰান্তৰ সংখ্যা। শেহতীয়া দুটা দিনত কৰোনা ভাইৰাছৰ সংক্ৰমণ খুব দ্ৰুতগতিত বৃদ্ধি পাইছে। আৰু তেনে অৱস্থাতে সোমবাৰৰ পৰা সমগ্ৰ দেশত লকডাউন সোমাইছে তৃতীয় পৰ্যায়ত।
গৃহ মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুযায়ী, ২৪৮৭জন শনিবাৰৰ পৰা দেওবাৰৰ ভিতৰত নতুনকৈ সংক্ৰমিত হৈছে। আৰু এই সংখ্যা এতিয়ালৈকে এদিনত সংক্ৰমণৰ সৰ্বাধিক। আৰু এটা দিনত মৃত্যু হৈছে ৮৩জনৰ। ইয়াকে লৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পাই হৈছে ১৩০৬।
নতুনকৈ মৃত্যু হোৱা ৮৩জনৰ ৩৬জন মহাৰাষ্ট্ৰৰ, ২৬ গুজৰাটৰ, ১১ মধ্যপ্ৰদেশৰ আৰু ৩জনকৈ ৰাজস্থান আৰু দিল্লীত মৃত্যু হৈছে। আনহাতে, তেলেংগানাত ২জন, তামিলনাডু, বিহাৰত মৃত্যু হৈছে এজনকৈ।
ৰাজ্য হিচাপে বৰ্তমানলৈ মহাৰাষ্ট্ৰত সকলোতকৈ বেছি কৰোনা সংক্ৰমিত হৈছে। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১২,২৯৬। নতুন সংক্ৰমণ ৭৯০ আৰু মৃত্যু হৈছে ৩৬জনৰ। এতিয়ালৈকে মুঠ মৃত্যু ৫২১জনৰ। দ্বিতীয় স্থানত থকা গুজৰাটত মুঠ সংক্ৰমণৰ সংখ্যা হ’ল ৫০৫৫। আনহাতে, দিল্লীত ৪১২২।












