ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে আজিৰে পৰা। তাৰিখ অনুযায়ী ৪ মে’ৰ পৰা এই লকডাউন আৰম্ভ হ’লেও নিয়ম বলৱত হৈছে ১ মে’ৰ পৰাই। লকডাউন-৩ত একাধিক ক্ষেত্ৰত দিয়া হৈছে ৰেহাই। দিয়া হৈছে জ’নভিত্তিক ৰেহাই। অৱশ্যে আছে অনেক বাধা-নিষেধও। সন্ধিয়া ৭টাৰ পৰা পুৱা ৭টাৰ ভিতৰত বাহিৰ ওলালে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ। এই নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। অৱশ্যে অসমত ইয়াক অধিক কঠোৰ কৰি সময় কৰা হৈছে সন্ধিয়া ৬টাৰ পৰা পুৱা ৬টা।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা নতুন নিৰ্দেশত ৰাজ্যসমূহক জনোৱা হৈছে যে এই সময়ছোৱাত কোনোৱে যাতে অকাৰণত বাহিৰত নাথাকে তাক সুনিশ্চিত কৰিবলৈ স্থানীয় প্ৰশাসনক নির্দেশ জাৰি কৰিব লাগিব।
প্ৰয়োজনত ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত কাৰ্ফিউ জাৰি কৰাৰ পৰামৰ্শ দিয়ে হৈছে কেন্দ্ৰীয় নিৰ্দেশনাটোত, যিটো ইতিমধ্যে অসম চৰকাৰে বলৱত কৰিছে।












