ASSAM TIMES POST
নিউজ ডেস্ক:
অসম কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত বৰাই টীয়কত জৰুৰীকালীন সেৱাত ব্ৰত ব্যক্তিসকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে৷ উল্লেখ্য যে ক’ৰ’ণা ৰোধৰ এই জটিল সময়চোৱাত ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেৱা আগবঢ়াই আহিছে আৰক্ষী, স্বাস্থ্যকৰ্মী তথা সংবাদকৰ্মীসকলে৷
এই লোকসকলক কিছু সাৱধানতাৰে নিজৰ দায়িত্বত আগবাঢ়িবলৈ পৰামৰ্শ প্ৰদান কৰে কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই৷ ইয়াৰ লগতে সেইসকলক অনাগত দিনত দুগুণ উৎসাহেৰে কামত আত্ম নিয়োগ কৰোৱাৰ উদ্দেশ্যে বৃহত্তৰ টীয়কৰ জৰুৰীকালীন সেৱাত ব্ৰত ব্যক্তিসকলৰ মাজত কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে।
টীয়কৰ মাজমজিয়াত অসম ৰাজ্যিক পৰিবহণৰ নিগমৰ চৌহদত সংবাদকৰ্মীসকলক আৰু টীয়কৰ এফ আৰ ইউত চিকিৎসক-কৰ্মচাৰীৰ সৈতে বাৰ্তালাপ কৰি সামগ্ৰীসমূহ বিতৰণ কৰে৷ চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ হাতত মাস্ক আৰু ছেটিটাইজাৰবোৰ বিতৰণৰ বাবে প্ৰদান কৰে৷ কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰে।













