ASSAM TIMES POST
নিউজ ডেস্ক:
প্ৰাক্তন কংগ্ৰেছ সভাপতি তথা যুৱৰাজ ৰাহুল গান্ধীয়ে ৰে’লৱেই প্ৰব্ৰজিত শ্ৰমিকৰ টিকটৰ মূল্য লোৱাক লৈ সোমবাৰে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভৰ্ৎসনা কৰে।
কংগ্ৰেছৰ অন্তৰৱৰ্তীকালীন শীৰ্ষ প্ৰধান ছোনিয়া গান্ধীয়ে কোভিড১৯ৰ বাবে লকডাউনৰ ফলত দেশৰ ভিন্ন প্ৰান্তত বন্দী হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ ৰে’লৰ টিকটৰ মূল্য কংগ্ৰেছ দলে বহন কৰিব বুলি ঘোষণা কৰাৰ পিছতেই ৰাহুল গান্ধীয়ে কেন্দ্ৰক সমালোচনা কৰি মন্তব্য কৰে।
“এফালে ৰে’লৱেই বন্দী শ্ৰমিকসকলৰ টিকটৰ মূল্য লৈছে আৰু আনফালে ৰে’ল বিভাগে ১৫১ কোটি টকা PMCARE পুঁজিলৈ বৰঙনি আগবঢ়াইছে। সাঁথৰটি সমাধান কৰক।” ৰাহুল গান্ধীয়ে এনেদৰে টুইট কৰে।
উল্লেখযোগ্য যে ৰে’লৱেই দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা শিক্ষাৰ্থী, শ্রমিক, তীৰ্থযাত্রী, পৰ্যটক আদিক পৰিবহণৰ বাবে শ্রমিক বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
ইয়াৰে প্ৰথমখন শ্রমিক বিশেষ ৰে’লে ১ মে’ত ১২০০ যাত্ৰীক লৈ তেলেংগানাৰ পৰা ঝাৰখণ্ডলৈ যাত্রা আৰম্ভ কৰিছিল। তেতিয়াৰে পৰা ৰে’লৱেই ৰাজ্য চৰকাৰসমূহৰ অনুৰোধ অনুযায়ী ২৫খন তেনে বিশেষ ৰে’ল চলাইছে।
পূৰ্বতে ৰে’লৱেই কৈছিল যে শ্ৰমিক বিশেষ ৰে’লৰ টিকটৰ মূল্য বহন কৰিব লাগিব ৰাজ্য চৰকাৰসমূহে। ৰে’লৱেই এইটোও স্পষ্ট কৰি দিছিল যে শ্রমিক বিশেষ ৰে’ল কেৱল ‘নিৰ্বাচিত লোক’ৰ বাবেহে, যিসকলক ৰাজ্য চৰকাৰসমূহে চিনাক্ত কৰি পঞ্জীয়ন কৰিছে আৰু ৰে’লৱেই কোনো ব্যক্তি বা দলৰ বাবে কোনো অনুৰোধৰ বিনিময়ত টিকট বুকিং নকৰে।












