,
ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আজি মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত কোভিড-১৯ মহামাৰী প্ৰতিৰোধত অতন্দ্ৰ সেনানীৰ ভূমিকা পালন কৰা চিকিৎসক, নাৰ্চ তথা চিকিৎসাকৰ্মীসকলক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিগৰাকীলৈ একোখন মাস্ক আৰু একোটাকৈ হেণ্ড চেনিটাইজাৰ লগতে কলম আৰু পেদ উপহাৰ স্বৰূপে প্ৰদান কৰে মহকুমাধিপতি বিবেক শ্যামে।

এই সম্বৰ্ধনা কাৰ্য্যসূচীত মহকুমাধিপতি বিবেক শ্যামদেৱে মহামাৰীৰ এই সময়ছোৱাত অবিৰতভাবে সেৱা আগবঢ়োৱা সকলো চিকিৎসক-নাৰ্চ, চিকিৎসাকৰ্মী , প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু সাংবাদিকলৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখনে মহামাৰীৰ কোভিড-১৯ ৰোধ কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ উল্লেখ কৰে।
মহকুমাৰ চিকিৎসক, নাৰ্চ তথা চিকিৎসাকৰ্মীসকলক সম্বৰ্ধনা জনাই মহকুমাধিপতিগৰাকীয়ে উপস্থিত চিকিৎসক, নাৰ্চ তথা চিকিৎসাকৰ্মীসকলে কাৰ্য্যক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন অসুবিধাসমূহৰো বুজ লয় আৰু প্ৰশাসন তেওঁলোকৰ সহায়ৰ বাবে সৰ্বদা প্ৰস্তুত বুলিও জানিবলৈ দিয়ে। সম্বৰ্দ্ধনা অনুষ্ঠানটিত উপস্থিত সংবাদকৰ্মী সকলৰ হৈ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ক’ভিড-১৯ৰ সৈতে সমুখ সমৰত লিপ্ত হোৱা চিকিৎসা বিভাগৰ সেনানীসকললৈ, লগতে মহকুমা প্ৰশাসনলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
সভাপতি গৰাকীয়ে লগতে কয় যে অতি সোনকালেই ভাল দিন আহিব আৰু বোকাখাতৰ সকলো চিকিৎসক, চিকিৎসাকৰ্মীৰ লগতে মহকুমা প্ৰশাসনৰ সৈতে বোকাখাতৰ সাংবাদিক সকল এনেদৰেই অন্তৰংগভাৱে মিলিত হ’ব।
আজিৰ সম্বৰ্দ্ধনা অনুষ্ঠানত সম্বৰ্দ্ধিত চিকিৎসা বিষয়া কেইগৰাকী হ’ল বোকাখাত মহকুমা শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ মিলন কুমাৰ লস্কৰ, চিকিৎসালয়খনৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ নীলিমা ফুকন, কঁহৰা শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক আৰু স্বাস্থ্য বিষয়া ক্ৰমে ডাঃ জয়ন্ত বৰগোহাই আৰু ডাঃ নাৰায়ন মেধী, কমাৰগাঁও আৰু মহুৰামুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ সমীপজ্যোতি বৰা, বোকাখাত মহকুমা শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়াদ্বয় ক্ৰমে ডাঃ উৎপল বৰুৱা আৰু ডাঃ কবিতা উজীৰ, চিকিৎসালয়খনৰ স্বাস্থ্য বিষয়া ক্ৰমে ডাঃ নৱজ্যোতি নাথ, ডাঃ অৰ্চনা কুমাৰী আৰু ডাঃ আৰফিনা নিজাম।













