ASSAM TIMES POST
তৃতীয় পৰ্যায়ৰ লকডাউনত গুৱাহাটী মহানগৰীত ব্যৱসায়ীক প্ৰতিষ্ঠান মুকলি কৰা সন্দৰ্ভত কামৰূপ(ম) জিলা উপায়ুক্ত আৰু বজাৰ কমিটিৰে গুৰুত্বপূৰ্ণ বৈঠক।জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত গ্ৰহণ কৰা হয় কোনখন দোকান কেতিয়া খুলিব পাৰিব তাৰ সিদ্ধান্ত।
বৈঠক শেষ হোৱাৰ পিছতে উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদ মাধ্যমৰ আগত কয়- মাৰ্কেট কপ্লেক্স বা মল খুলিব নোৱাৰিব।মাৰ্কেট কপ্লেক্সত থকা কাৰ্যালয় সমূহ বন্ধ থাকিব।
অকলে থকা দোকান সমূহ খুলিব পাৰিব।কিন্তু একেলগে থকা দোকান সমূহ সদায় খুলিব নোৱাৰিব।লগত থকা এখন দোকান সপ্তাহত দুদিন খুলিব পাৰিব।দেওবাৰে সকলো দোকান বন্ধ থাকিব-উপায়ুক্ত গৰাকীয়ে কয়।
এক তৃতীয়াংশ দোকান খোলা হল চেলাৰ আৰু ৰিটেলাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হব বুলি উল্লেখ কৰি তেওঁ আৰু কয়
“চাহৰ দোকান, ৰেষ্টুৰেণ্ট অথবা আইচক্ৰিম পাৰ্লাৰ খোলা থাকিব কিন্তু তেওঁলোকে হোম ডেভিভাৰী ব্যৱস্থা অথবা গ্ৰাহকে ঘৰলৈ লৈ যাব লাগিব।কোনো লোকে খাব নোৱাৰিব দোকানতে”।
আনহাতে নিয়ম ভংগ কৰিলে বিহীত ব্যৱস্থা প্ৰশাসনে গ্ৰহণ কৰিব বুলি উল্লেখ কৰি পেগুৱে কয় “নিয়ম ভংগ কৰা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বাতিল কৰা হব অনুজ্ঞাপত্ৰ”।
জিলাখনত চেলুন, পাৰ্লাৰ বন্ধ থাকিব।কিন্তু ঘৰত আহি সেৱা আগবঢ়াব পাৰিব।সকলো পদ-পথৰ সকলো দোকান বন্ধ থাকিব।












