ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ভিড-১৯ত ৰাছিয়াত দৈনিক মৃত্যুৰ হাৰ সৰ্বোচ্চ সীমা অতিক্ৰম কৰিছে৷ দেশখনত নতুনকৈ ক’ৰ’ণাত আক্ৰান্ত হৈছে ১০ হাজাৰৰ অধিক লোক৷ তাৰ মাজত অৰ্ধেকৰ কোনো উপসৰ্গ নাই৷ ৰাছিয়াত সকলো মিলি সংক্ৰমিত হৈছে ১ লাখ ৩৪ হাজাৰ ৬৮৭ জন৷ আক্ৰান্তৰ সংখ্যা ৰাজধানী মস্কোতে সৰ্বাধিক৷ তাত প্ৰতিদিনে চিকিৎসালয়ত ভৰ্ত্তি হৈছে ১৭০০ জন৷
যোৱা ২৪ ঘণ্টাত ৫৪জনৰ মৃত্যু হৈছে৷ ইয়াকে লৈ দেশখনত মৃত্যুৰ সংখ্যা হ’লগৈ ১,২৮০জন৷ সংক্রমণ ৰোধ কৰিবলৈ যোৱা মাৰ্চ মাহৰ পৰা দেশখনত আংশিক লকডাউন জাৰি কৰা হৈছে৷ মস্কোত বিশেষ অনুমতি অবিহনে সাধাৰণ মানুহ ঘুৰি ফুৰিব নোৱাৰে৷ কেৱল সামগ্ৰী কিনা, কুকুৰক ফুৰাবলৈ নিয়া আৰু আবৰ্জনা বাহিৰত পেলাবলৈ দিয়া হৈছে৷












