ASSAM TIMES POST
এবছৰ পিছুৱাই গ’ল ইউপিএছছি অৰ্থাৎ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা ৷ ২০২০ চনৰ ইউপিএছছিৰ প্ৰিলিমিনেৰী পৰীক্ষা ৩১ মে’ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ এই সপ্তাহত পৰীক্ষাৰ্থীসকলক এডমিট কাৰ্ড দিয়াৰ কথা আছিল ৷ কিন্তু ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ বাবে এইবাৰ পৰীক্ষা পিছুৱাই দিয়া হ’ল ৷ পৰীক্ষাৰ নতুন তাৰিখ অহা ২০ মে’ত জনাব বুলি প্ৰকাশ ৷ সোমবাৰে ইউপিএছছিৰ তৰফৰ পৰা এই কথা জনায় ৷












