ASSAM TIMES POST
নগাঁও : লকডাউনৰ মাজতে নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী ডিফলু হৰহৰীয়া জানৰ দলঙৰ তলত আজি পুৱা এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। আজি পুৱা স্থানীয় লোকে নৱজাতকৰ মৃতদেহটো জানটোত পৰি থকা অৱস্হাত প্ৰত্যক্ষ কৰি হয়বৰগাঁও আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নৱজাতকৰ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। স্থানীয় ৰাইজে সন্দেহ কৰা মতে, কোনো হৃদয়হীন লোকে জীৱিত অৱস্থাতেই দলঙৰ তললৈ দলিয়াই দিয়াত নৱজাতকটিৰ মৃত্যু হয়।
আনহাতে, নৱজাতকটিৰ মুখত তেজ বিৰিঙি থকালৈ চাই নৱজাতকটি দলিয়াই দিয়াত জানটোৰ শিলত খুন্দা খাই মৃত্যু মুখত পৰে বুলি একাংশই সন্দেহ কৰে। আনহাতে, দুদিনমান পূৰ্বে কোনো লোকে নৱজাতকটিক দলঙৰ তললৈ দলিয়াই দিয়ে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। উল্লেখ্য, বিগত সময়ত নগাঁও চহৰৰ বিভিন্ন স্থানত জাবৰৰ দ’ম আদিত কেইবাটাও নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে।












