ASSAM TIMES POST
অজন্তা তালুকদাৰ,
যেন যুদ্ধ জয়ৰ আনন্দ। লক-ডাউন সামান্য শিথিল কৰাৰ লগে লগে আজি বোকাখাত নগৰলৈ ওলাই আহিল শ শ লোক। সৰু গাড়ী, অটো, ৰিক্সা, ই-ৰিক্সা, বাইক, স্কুটীৰ এনে এক পৰিবেশ ৰচনা কৰিলে যেন বোকাখাতবাসীৰ একাংশই বোকাখাতে বিশ্ব জয় কৰাৰ সংবাদহে পালে।
কিছুদিনৰ আগতে কভিড-১৯ ৰ আগ্ৰাসনত ৰেড জ’নৰ পৰা গ্ৰীণ জ’নলৈ উন্নীত হোৱা বোকাখাতৰ তিনি জনকৈ লোক একে ৰোগত দিল্লীত চিকিৎসাধীন হৈ থকা, দেশ ব্যাপি দ্ৰুত গতিত কৰ’ণা ভাইৰাচ কভিড-১৯ ত হাজাৰ হাজাৰ লোক আক্ৰান্ত হোৱাৰ যেন কোনো খবৰেই নাই।
স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমেলযোগে জনোৱা নীতি নিয়ম উলংঘন কৰি নগৰত খুলিবলৈ ল’লে ইখনৰ পাছত সিখন দোকান। বেংক সমূহৰ সন্মুখত উপস্থিত হ’ল হেজাৰোধিক লোক। তাৎপৰ্যপূৰ্ণ দিশটো হ’ল দিনৰ ১০:৩০ মান বজালৈকে বোকাখাতৰ এই অৰাজক পৰিস্থিতি চম্ভালিবলৈ যেন কোনো নাই।
৪০ দিনৰ কঠোৰ লক-ডাউনৰ সমষ্ট সুফল কেৱল দুঘণ্টাৰ ভিতৰতে ধূলিস্যাৎ কৰিলে মহকুমাটোৰ একাংশ অবিবেচক লোকে। আনকি বোকাখাত থানা এলেকাৰ দায়িত্বত থকা দণ্ডাধীশ গৰাকীকো দেখা নগ’ল বোকাখাত নগৰৰ এই বিশাল জনসমুদ্ৰ নিয়ন্ত্ৰণৰ বেলিকা।
অৱশেষত দণ্ডাধীশ নীশিতা বৰাই বোকাখাত যান বাহন আৰক্ষীৰ সহযোগত ল’বলৈ বাধ্য হয় কঠোৰ ব্যৱস্থা। হেলমেট পৰিধান নকৰাকৈ বাইকত দুই তিনিজন উঠি অহা, প্ৰয়োজন নোহোৱাকৈ নিজা গাড়ীৰে তহল দিবলৈ অহা, মাস্ক পৰিধান নকৰাকৈ বীৰদৰ্পে ওলাই অহা একাংশক তাৎক্ষনিকভাৱে ৰখাই যান বাহন জব্দ কৰাৰ লগতে ইউ এচ ০০৭০/অ’-এচ ধাৰা মতে দণ্ড বিহিলে জৰিমনা।
দণ্ডাধীশ গৰাকীৰ এই ৰূপ দেখি বহুতেই পলায়ন কৰাৰ লগতে একাংশ দোকানৰ ছাটাৰ বন্ধ হৈ যায়। এনে বিপৰ্যয়ৰ সময়ত বোকাখাতৰ একাংশ লোকে সৃষ্টি কৰা এই অৰাজক পৰিস্থিতিৰ বাবে লক-ডাউন শিথিল কৰাই মূল কাৰণ বুলি বহুতেই মত পোষণ কৰিছে। লক-ডাউনৰ তৃতীয় পৰ্যায়ৰ শিথিলতা পুণৰ চৰকাৰে বিবেচনা কৰা প্ৰয়োজন বুলিও সচেতন নাগৰিকে মত পোষণ কৰিছে।













