ASSAM TIMES POST
নিউজ ডেস্ক:
তৃতীয় পৰ্যায়ৰ লক ডাউনৰ সময়চোৱাটো সম্পূৰ্ণৰূপে বন্ধ থাকিব ৰে’ল সেৱা।একমাত্ৰ কেৱল মালবাহী ৰে’লহে চলাচল কৰিব পাৰিব এই সময়চোৱাত।এই কথা জনালে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দ্ৰই৷তেওঁ জানিব দিয়া অনুসৰি “১৭ মে’লৈ বহিৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ বাবে বিশেষ ৰেল গাড়ী চলিছে দেশত।ৰাজ্য চৰকাৰৰ অনুমতি লাভ কৰিলে বহিৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিক সকলৰ বাবে উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে বিশেষ ৰেল গাড়ী চলোৱা ব্যৱস্থা কৰিব।উল্লেখ যে দেশৰ বহুকেইটা স্থানত আৱদ্ধ হৈ থকা লোকসকলৰ বাবে ইতিমধ্যে ৰেল বিভাগে আৰম্ভ কৰিছে এই বিশেষ ব্যৱস্থা।
“অসমৰ বাহিৰত আৱদ্ধ হৈ থকা লোক সকলৰ উপৰিও অন্য ৰাজ্য ব্যক্তি অসমত আৱদ্ধ হৈ আছে তেওলোক যদি যাব বিচাৰে তেনেহলে ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ কৰিব আৰু ৰাজ্য চৰকাৰে সিদ্ধান্ত কৰি তালিকা নিৰ্মান কৰিব।সেই অনুসৰি ৰেল বিভাগে যাত্ৰী সকলক লৈ আহিব- চন্দ্ৰই লগতে কয়।
গুৰুত্বপূৰ্ন এই যে এই ৰেল সমূহ সম্পূৰ্ন বিশেষ য’ত চৰকাৰে প্ৰকাশ কৰা তালিকাৰ বাহিৰে এজনো বেলেগ মানুহ উঠিব নোৱাৰিব বা টিকটৰ ব্যৱস্থা কৰা নহব।বৰ্তমানলৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে কোনো যাত্ৰীবাহী বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই লগতে অন্য ৰাজ্য চৰকাৰৰ বিশেষ ট্ৰেইন অসমলৈ পঠিওৱা হোৱা নাই। ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ পিছতহে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে ল’ব ব্যৱস্থা- চন্দ্ৰই লগতে কয়।
সম্প্ৰতি অসম চৰকাৰে বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়াৰ পিছতহে শ্ৰমিক ৰে’ল চলাচলৰ ব্যৱস্থা কৰিব উত্তৰ-পূৱ সীমান্ত ৰে’লৱে।এই কথা জনাই জনসম্পৰ্ক ৰক্ষী বিষয়া জনে ৷












