ASSAM TIMES POST
নিউজ ডেস্ক:
দেশত প্ৰতি দিনেই যেন ইতিহাস ভঙা-গঢ়াৰ দৌৰত কৰোনাৰ সংক্ৰমণ। ঢাপে ঢাপে বাঢ়িছে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা। বিগত ২৪ ঘণ্টাত এদিনত সৰ্বাধিক মৃত্যু হৈছে দেশত। নতুনকৈ আক্ৰান্তৰ পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক বুলেটিনত প্ৰকাশ কৰা মতে, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে ৩,৯০০,জন। ইয়াৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৪৬,৪৩৫জনলৈ। আনহাতে, মাৰণ ভাইৰাছৰ চিকাৰ হৈছে ১৯৫জনৰ প্ৰাণ। যাৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাই হৈছে সৰ্বমুঠ ১,৫৬৮জন। মন্ত্ৰালয়ে জনোৱা মতে, বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩২,১৩৪জন। কৰোনাক জয় কৰি সুস্থ হৈ উঠিছে ১২,৭২৭জন। সুস্থ হৈ উঠাৰ হাৰ এতিয়ালৈ ২৭.৪ শতাংশ।












