ASSAM TIMES POST
নিউজ ডেস্ক:
গ্ৰীণ জনত সামান্য শিথিল কৰা হ’ল তৃতীয় পৰ্যায়ৰ লকডাউন। সামান্য শিথিল কৰা পিছতে মহানগৰীত কিছু নিৰ্দেশনা মাজেৰে আৰম্ভ হ’ল স্বাভাৱিক জনজীৱন।যাত্ৰীৰ সহায় হোৱাকৈ গুৱাহাটীত পৰিবহন বিভাগে আৰম্ভ কৰিছে বিশেষ চিটিবাছ সেৱা।
ইফালে চিটিবাছ সেৱা আৰম্ভ হোৱাৰ পিছতে আজি গনেশগুৰিত চিটিবাছ সমূহত অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ৰ আৰু কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া বাপন কলিতাই নিজে উপস্থিত হৈ তদাৰক কৰে।প্ৰশাসনে বান্ধি দিয়া নিয়ম সমূহ চিটি বাছ সমূহে পালন কৰিছে নে তাৰো নিৰীক্ষণ কৰে বিষয়া দুগৰাকীয়ে।
উল্লেখ যে মহানগৰীৰ ৰাজপথ বিগত ৪০দিনৰ বিৰতিৰ মূৰত সোমবাৰ পৰা বিশেষ চিটিবাছ সেৱা আৰম্ভ হৈছে।ৰাজ্যিক পৰিবহন নিগমৰ চিটিবাছ সমূহ চলাচল কৰাৰ পিচত বাছ আস্থান সমূহত যাত্ৰী ভিৰ অধিক হোৱা দেখিবলৈ পোৱা গৈছিল।প্ৰথমদিনাৰ যাত্ৰী ভিৰৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ নিগমে অতিৰিক্ত ভাৱে ২০০ খন চিটিবাছ চলোৱা ব্যৱস্থা কৰিছে৷
গুৰুত্বপূৰ্ণ কথা এই যে প্ৰশাসনৰ বান্ধি দিয়া নিয়ম অনুসৰি প্ৰতিখন চিটিবাছে যাত্ৰীৰ নাম-ঠিকনা আৰু যোগাযোগ নম্বৰ সংগ্ৰহ কৰিব লাগে।সেই বিষয়ে বিষয়া দুজনে নিৰীক্ষন কৰাৰ লগতে যাত্ৰী সকলে সামাজিক দূৰত্ব মানি, মাস্ক পৰিধান কৰি যাত্ৰা কৰিছেনে সেই বিষয়ে নিৰীক্ষন কৰে।
তাপৰ্য পূৰ্ণ কথা এই যে চলো ‘এপৰ জৰিয়তে যাত্ৰী সকলক ই টিকটৰ ক্ৰয় কৰিব কৈছিল যদিও যি সকলৰ তেনে কোনো সুবিধা নাই তেওলোকক বাছৰ ভিতৰতে টিকট দিয়া হৈছে ৷












