ASSAM TIMES POST
নিউজ ডেস্ক:
তৃতীয় পৰ্যায়ৰ লকডাউনত দিয়া হৈছে আৰু কিছু শিথিলতা। সেই অনুযায়ী :
# বেংক কৰ্মচাৰীৰ ঘূৰা-ফুৰাত শিথিলতা দিয়া হৈছে। সন্ধিয়া ৬ বজাৰ পিছতো চলা-ফুৰা কৰিব পাৰিব।
# ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব উদ্যোগসমূহ। উদ্যোগৰ কৰ্মচাৰীৰ ঘূৰা-ফুৰাত নাই কোনো প্ৰতিবন্ধকতা।
# ২৪ ঘণ্টাই চলাব পাৰিব চাহ উদ্যোগৰ কামকাজ। শ্ৰমিক-কৰ্মচাৰীক ৰেহাই দিয়া হৈছে।
# পন্যাগৰসমূহ খোলা ৰাখিব পাৰিব ২৪ ঘণ্টা।
# ২৪ ঘণ্টা ঘূৰা-ফুৰা কৰিব পাৰিব ইয়াৰ লগত জড়িত লোকসকল।
# ই-কমাৰ্চৰ বাবে ডেলিভাৰীৰ সময় পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ।
# গাড়ীৰ শ্বৰুম খুলিব পাৰিব পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ।
# সামগ্ৰী কঢ়িওৱা গাড়ীসমূহ চলিব পাৰিব ২৪ ঘণ্টাই।
# নিৰ্মাণ কাৰ্য চলাব পাৰিব ২৪ ঘণ্টাই।
# সংবাদ মাধ্যমৰ বাবেও শিথিলতা। সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলৰ চলা-ফুৰাত কোনো নিষেধাজ্ঞা নাই।
# বাতৰিকাকতৰ ছপা কামত কোনো নিষেধাজ্ঞা নাই। কৰ্মচাৰী আৰু বিতৰকসকল ঘূৰা-ফুৰা কৰিব পাৰিব বিনা দ্বিধাই।
# গাখীৰ আৰু মাছৰ ব্যৱসায়ৰ লগত জড়িত লোকসকল ২৪ ঘণ্টাই চলা-ফুৰা কৰিব পাৰিব।
# শ্বপিং মলৰ চৌহদৰ কাৰ্যালয় খুলিব পাৰিব। কিন্তু বন্ধ থাকিব দোকান-বজাৰ।
# চৌহদৰ দুখন দোকান খুলিব পাৰিব।
# মাজত থকা গেলামাল আৰু ফাৰ্মাচি খোলাত বাধা নাই।
# PDS আৰু FCI ৰ দৰে পন্যাগাৰৰ কৰ্মচাৰীসকল ২৪ ঘণ্টাই ঘূৰা-ফুৰা কৰিব পাৰিব।
# মাৰ্কেট কম্প্লেক্সৰ দোকান খুলিব পাৰিব চৰ্ত সাপেক্ষে।
# অকলশৰীয়া বৃহৎ দোকান খুলিব পাৰিব।












