ASSAM TIMES POST
নিউজ ডেস্ক:
মহামাৰী ক’ৰনা আতংকৰ মাজতে ইজৰালৰ পৰা আহিছে এটা ভাল খবৰ।দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী নাফটালী বেণীতে দাবী কৰা অনুসৰি ‘ইজৰাইল ইনষ্টিটিউট অৱ বাইয়লজিকেল ৰিচার্জ’ চমুকৈ (IIBR) আৱিষ্কাৰ কৰিছে বিশ্বত্ৰাস ক’ৰনাক প্ৰতিৰোধ কৰিব পৰা ঔষধ।
“মানৱ দেহত প্ৰৱেশ কৰা ক’ৰনা ভাইৰাছৰ আক্ৰমণ কৰি তাক নিষ্ক্ৰিয় কৰিব পৰা ঔষধ আৱিষ্কাৰ হৈছে আই আই বি আৰত”- এইদৰে ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে।
উল্লেখ যে মন্ত্ৰী গৰাকীয়ে সোমবাৰে ভ্ৰমণ কৰিছিল দেশখনৰ সেই বিশেষ লেবতোট।এই সংবাদ প্ৰকাশ পাইছে ইকনমিক টাইমছত।












