ASSAM TIMES POST
নিউজ ডেস্ক:
আন্তর্জাতিক বজাৰত তেলৰ দাম একেবাৰে নিম্ন। এনে এক সময়তে ভাৰত চৰকাৰে পেট্র’লত লিটাৰে প্রতি ১০ টকা আৰু ডিজেলত লিটাৰে প্রতি ১৩ টকা শুল্ক বঢ়ালে।
দুটা পৃথক বিজ্ঞপ্তিত চৰকাৰে জনায়, পেট্র’লত শুল্ক ৮ টকা আৰু তাৰ সৈতে বিশেষ অতিৰিক্ত শুল্ক ২ টকা অর্থাৎ ১০ টকা বেছি আদায় কৰা হ’ব। আনহাতে, অতিৰিক্ত শুল্ক ডিজেলত ৮ টকা আৰু তাৰ সৈতে বিশেষ অতিৰিক্ত শুল্ক ৫ টকা, সকলো মিলাই মুঠ ১৩ টকা লিটাৰে প্রতি চৰকাৰে বেছি আদায় কৰিব।
এক চৰকাৰী বিষয়াই জনোৱা মতে, পেট্র’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীত ইয়াৰ প্ৰভাৱ নপৰে। এই দাম তেলৰ মার্কেটিং কোম্পানিসমূহে বহন কৰিব লাগিব। আৰু খুচুৰা বিক্ৰীত বেছি দাম আদায় কৰা নহ’ব।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও চৰকাৰে তেলৰ মূল্য কম থকাৰ সুবিধা গ্ৰহণ কৰিবলৈ গৈ পেট্র’ল আৰু ডিজেলত অতিৰিক্ত শুল্ক লগাইছে। এতিয়াৰ পৰা যি ৰাজহ আদায় হ’ব তাক আন্তঃগাঁথনি উন্নয়ন আৰু অন্যান্য খণ্ডত ব্যয় কৰা হ’ব বুলি এজন চৰকাৰী বিষয়াই জনাইছে।












