ASSAM TIMES POST
নিউজ ডেস্ক:
পাব্লিক ছেফটি আইনৰ অধীনত আৰু তিনি মাহৰ বাবে গৃহবন্দী থাকিব লাগিব জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপিৰ নেত্ৰী মেহবুবা মুফতি৷ যোৱা বছৰ আগষ্ট মাহৰ তেওঁক বন্দী কৰি ৰখা হৈছে৷ এপ্ৰিল মাহত ঘৰলৈ ঘুৰি অহাতো তেওঁক তাতে গৃহবন্দী অৱস্থাত ৰখা হয়৷
এইবাৰ সেই ম্যাদ তিনি মাহ বৃদ্ধি কৰিলে৷ জম্মু-কাশ্মীৰ প্ৰশাসনে এই কথা জনাইছে৷ জম্মু-কাশ্মীৰৰ পৰা ৩০৭ ধাৰা বিলুপ্ত ঘটোৱাৰ পাছত নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, তেওঁৰ পুত্ৰ ওমৰ আব্দুল্লাহ, পিডিপিৰ নেত্ৰী মেহবুবাসহ একাধিক নেতাক গৃহবন্দী কৰি ৰখা হয়৷ ইয়াকে লৈ বিৰোধীয়ে চক্ৰান্তৰ অভিযোগ উত্থাপন কৰিছে৷ মুফতিক বন্দী কৰি ৰখাৰ সময়সীমা বৃদ্ধি কৰাত টুইট কৰি ক্ষোভ প্ৰকাশ কৰিছে ওমৰ আব্দুল্লাই৷













