ASSAM TIMES POST
নিউজ ডেস্ক:
“ৰাজহুৱা স্থানত মাক্স পৰিধান নকৰিলে ভৰিব লাগিব ৫০০টকা জৰিমনা।স্বাস্থ্য বিভাগে তাৰ বাবে আজি নহলে দুই-এদিনৰ ভিতৰতে হয়তো এখন আইন আনিব”-গুৰুত্বপূৰ্ণ ভাষ্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকা।বুধবাৰে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত কনিষ্ঠ চিকিৎসক সন্থাৰ এক ৰক্তদান শিবিৰ মুকলি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হাজৰিকাই। প্ৰায়২০০ গৰাকীৰ চিকিৎসকে ৰক্তদান কৰে এই শিবিৰত।তেওঁ এই সন্দৰ্ভত কয় “চিকিৎসক সকলৰ এই প্ৰদক্ষেপে দুৰ্যোগৰ সময়ত সকাহ দিব”।
আনহাতে অসমত ক’ৰনা সমস্যা সমাধান হোৱা নাই বুলি উল্লেখ কৰি হাজৰিকাই কয় “সকলো জনসাধাৰণ সজাগ হৈ থাকক। দুৰ্যোগৰ সময়ত গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ পদক্ষেপক প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে” ৷
ইফালে কোকৰাঝাৰত মঙ্গলবাৰে চিনাক্ত হোৱা কৰ’না আক্ৰান্ত ৰোগী গৰাকীৰ কোচবিহাৰৰ পৰা অহাৰ পিছতে কোৱাৰেণ্টইনত আছিল। বৰ্তমান এম এম চিত আক্রান্ত গৰাকীৰ চিকিৎসা কৰি থকা হৈছে বুলি জানিবলৈ দিলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।
প্ৰতিখন ৰাজ্য সীমান্তত বিশেষ ব্যৱস্থা কৰাৰ বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় “বহিৰাজ্যৰ পৰা অসমল উভতাই অনাৰ লোক সকলৰ বাবে কোৱাৰেণ্টাইন শিবিৰ ইতিমধ্যেই নিৰ্মান সম্পূৰ্ণ হৈছে”।












