ASSAM TIMES POST
নগাঁও: মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সমগ্র দেশ জুৰি আৰোপ কৰা লকডাউনে ইতিমধ্যে চল্লিশ দিন অতিক্রম কৰিছে । লকডাউনৰ ফলত সমগ্র দেশৰ লগতে আমাৰ ৰাজ্যখনৰ জনজীৱন স্তব্ধ হৈ পৰে।

সমান্তৰালকৈ বিভিন্ন ক্ষেত্রত কৰ্মৰত বহু লোক কৰ্মহীন হৈ পৰা পৰিলক্ষিত হৈছে । লকডাউনে সৃষ্টি কৰা স্হবিৰতাই ৰাজ্যৰ শিল্পী আৰু কলা – কুশলীসকলকো চুইছে । লকডাউনৰ ফলত সংগীত,নাটক, চিৰিয়েলকে ধৰি বিভিন্ন ক্ষেত্রত জড়িত শিল্পী আৰু কলা- কুশলী সকল উপাৰ্জনহীন হৈ পৰা পৰিলক্ষিত হৈছে।
সেয়ে এই সকল শিল্পীক এনে সংকটৰ সময়ত কিছু সকাহ দিবৰ অসম চলচ্চিত্ৰ সমাজ আৰু বেংক অৱ বৰোদাৰ নগাঁও শাখা আগবাঢ়ি আহে । নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত বেংক অৱ বৰোদাৰ উদ্যোগত আৰু অসম চলচ্চিত্ৰ সমাজ নগাঁও শাখাৰ সহযোগত আজি অনুষ্ঠিত সাহাৰ্য বিতৰণ অনুষ্ঠানত নগাঁও জিলাৰ ৮০ গৰাকী বিভিন্ন ক্ষেত্রৰ শিল্পী আৰু কলা- কুশলীক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।
উক্ত অনুষ্ঠানত উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই শিল্পী আৰু কলা- কুশলী সকলক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে কৰোণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ ৰোধৰ বাবে শিল্পী আৰু কলা- কুশলীসকলক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।
নগাঁও সদৰ সমষ্টিৰ বিধায়ক গৰাকীৰ লগতে জনপ্ৰিয় অভিনেতা যতীন বৰা, বিশিষ্ট ছবি পৰিচালক ড: পাৰ্থজিৎ বৰুৱা, মানস বৰুৱা, কন্ঠ শিল্পী কৃষ্ণমণি নাথ, অভিনেতা দিব্যজ্যোতি শইকীয়াকে ধৰি কেইবাগৰকী শিল্পীৰ উপস্থিতিত নগাঁও জিলাৰ বিভিন্ন স্থানৰ প্ৰায় ৮০ গৰাকী শিল্পী আৰু কলা- কুশলীক কিছু অনুদান প্ৰদান কৰা হয়।
লকডাউনৰ বাবে বৰ্তমান সময়ত কৰ্মহীন হৈ পৰা শিল্পী আৰু কলা- কুশলী সকলক আগবঢ়োৱা সাহাৰ্যৰ বাবে অসম চলচ্চিত্ৰ সমাজ আৰু বেংক অৱ বৰোদাৰ নগাঁও শাখাক বিধায়ক ৰূপক শৰ্মাই কৃতজ্ঞতা জনায় । আনহাতে পৰৱৰ্তী পৰ্য্যায়ত অসমৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।













