ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ
কুৱাৰেণ্টাইনত থাকি সমস্যাৰ সন্মুখীন হোৱা বুলি একাংশই অভিযোগ কৰাৰ পৰিৱৰ্তে গোলাঘাটৰ এটা পৰিয়ালে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে অনুদান। পৰিয়ালটোৱ কুৱাৰেণ্টাইনত থাকি সমস্যা সন্মুখীন হোৱা, খাদ্যৰ অভিযোগ দিয়াৰ পৰিৱৰ্তে কুৱাৰেণ্টাইনত থাকি সুখী হোৱা বুলি জনায়৷
লগতে গোলাঘাটৰ পৰিয়ালটোৱে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান। উল্লেখ্য যে লকডাউনৰ সময়ত গোলাঘাটৰ দীপক আগৰৱালাৰ পুত্ৰ হাৰ্দিক আগৰৱালা ৰাজস্থানৰ কোটাত মেডিকেল ক’চিং কৰি আছিল৷ অসম চৰকাৰে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক নিজ ৰাজ্যলৈ ঘূৰাই অনি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত স্থাপন কৰা কুৱাৰেণ্টাইন ৰখাৰ ব্যৱস্থা কৰিছিল৷
সেইমৰ্মে হাৰ্দিক আগৰৱালাও চৰকাৰৰ নিৰ্দেশানুসৰি অসমলৈ আহি সৰুসজাইৰ কুৱাৰেণ্টাইনতে থাকিব লগা হয়৷ তেওঁ কোৱাৰেন্টাইনত থাকি সকলো সা-সুবিধা, খাদ্য প্ৰণালী দেখি উৎফুল্লিত হৈ পৰে৷
হাৰ্দিক আগৰৱালাৰ লগতে তেওঁৰ পিতৃ দীপক আগৰৱালাই ৰাজ্য চৰকাৰৰ এনে পদক্ষেপক আদৰণি জনাইমুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৃহস্পতিবাৰে ২১ হাজাৰ টকাৰ অনুদান আগবঢ়ায়। খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াৰ হাতত দীপক আগৰৱালাই এই ধনৰাশিৰ এখন চেক আগবঢ়াই সুখী অনুভৱ কৰে বুলি পৰিয়ালটোৱে জানিবলৈ দিয়ে৷













