ASSAM TIMES POST
ডিব্ৰুগড় :ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক কালি নিশা নিজ গৃহৰ পৰা এটা বন্ধুকধাৰী দলে উঠাই নিয়াৰ পিছত পুনৰ বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকক প্ৰাণে মৰাৰ ভাবুকি দিয়া কাৰ্যই সকলোতে ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ স্বৃষ্টি কৰিছে।
জানিব পৰা মতে আজি মাজনিশা ডিব্ৰুগড় বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দ্বায়িত্বত থকা ৰাহুল চেত্ৰীক এক অচিনাকি ফোন নম্বৰৰ পৰা ফোন কল, আৰু ফোনত প্ৰাণে মৰাৰ ভাবুকি দিয়াত,ছাত্ৰনেতাগৰাকীৰ লগতে পৰিয়াল শংকিত হৈ পৰিছে।
যোৱানিশা ক্ৰমে ১২:২০ বজা আৰু ১২:২১ বজাত অতি কৰ্কশ আৰু ভাবুকিৰে অবিৰত ফোন কল কৰে।ঘটনাৰ সন্দৰ্ভত ৰাহুলে জনোৱা মতে ফোনকলত ধমকি সুৰত কয়- “তই ছাত্ৰ ৰাজনীতি কৰ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হৈ থাক,যদিহে ৰাজনীতি ক’ৰ তোক মাৰি দিয়া হ’ব।
“কেবল ইমানেই নহয়,লগতে ৰাহুলৰ পিতৃ-মাতৃক উদেশ্যি অশ্ৰাব্য গালি পাৰে ফোনকলত।ৰাহুলে ব্যক্তিজনৰ পৰিচয় সোধাৰ পাছতো ভাবুকি প্ৰদান কৰা ব্যক্তিগৰাকীয়ে কয় যে মোৰ পৰিচয়ৰ প্ৰয়োজন নাই,ৰাজনীতিৰ পৰা বিৰত থাক।
কথা সিমানেই!উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগত অধ্যয়নৰত ছাত্ৰ তথা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ বৰ্তমানলৈকে পদত থকা ৰাহুল চেত্ৰীয়ে বৰ্তমানে লকডাউনৰ সময়ত তিনিচুকীয়াৰ লেখাপানীত থকা নিজ গৃহত পৰিয়ালৰ সতে আছে।
য’ত যোৱা নিশা প্ৰায় ১২ বজাত ৮৭৩২০৩৭১৮৬ এই নম্বৰৰ পৰা ফোনকলটো আহিছিল ৰাহুললৈ।উল্লেখ্য যে শেহতীয়াকৈ ৰাহুলে ‘কা’ আন্দোলনৰ সময়ত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ আন্দোলনত সন্মূখৰ পৰা ঠিয় হৈ প্ৰায় প্ৰতিটো কাৰ্যসূচীত তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছিল।যাৰ পৰিপ্ৰেক্ষিত বিগত মাৰ্চ মাহত নিয়াই চমন যোগে মাতি নিছিল ৰাহুলক। ইফালে ২০১৯ চনৰ ডিচেম্বৰত অসম আৰক্ষীৰ দ্বাৰা ডিব্ৰুগড় সদৰ থানাত আটক কৰা হৈছিল ৰাহুলক।
উল্লেখ যে ছাত্ৰ ৰাজনীতিৰ আদিপাঠ সূচনা হোৱা বিশ্ববিদ্যালয়ৰ এই আন্দোলনৰ পাছৰে পৰা একপ্ৰকাৰ ৰাহুলে ভৱিষ্যত ৰাজনীতিৰ বাবে এক নতুন মুখ হিচাপে চিনাকি লাভ কৰিছিল।ইফালে এই ফোনকলৰ পাছত ৰাহুলে আৰক্ষী ওচৰত গোচৰ ৰুজু কৰাৰ লগতে ৰাহুলৰ হৈ অসমৰ বিভিন্ন প্ৰান্তৰত বহু শিক্ষাৰ্থী, ছাত্ৰ পৃথকে পৃথকে গোচৰ দিবলৈ সাজু হৈছে বুলি জানিবলৈ দিছে ৰাহুলে।
লগতে মানৱ অধিকাৰৰ হৈ কাম কৰা সংগঠন, বিভিন্ন অনুষ্ঠানেও ৰাহুলৰ খবৰ লৈ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে বুলি ৰাহুলে সদৰি কৰে।সমগ্ৰ বিশ্বত ক’ৰোনাই মহামাৰী ৰূপ ধাৰণ কৰা,সমগ্ৰ দেশ তৃতীয় লকডাউনৰ পৰিবেশৰ মাজত থকা অবস্থাতে এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতাক প্ৰানে মৰাৰ ভাবুকি প্ৰদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।













