ASSAM TIMES POST
নিউজ ডেস্ক:
মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত শুকুৰবাৰে পুৱাতেই সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। অতিকমেও ১৭জন প্ৰব্ৰজিত শ্ৰমিকক ৰেলৱে ট্ৰেকত শুই থকা অৱস্থাতে ৰেলে কাটে।প্ৰাথমিক সূত্ৰ মতে, জালনা আৰু ঔৰংগবাদৰ মাজত চলা এখন মালবাহী ৰেলে তেওঁলোকক মহতিয়াই নিয়ে।

যাৰ ফলত শুই থকা অৱস্থাতে মৃত্যু ঘটে শ্ৰমিককেইজনৰ।চৰকাৰী সূত্ৰ মতে, শ্রমিক কেইজনে জালনাৰ এটা তীখা কাৰখানাত কাম কৰিছিল আৰু মধ্য প্ৰদেশলৈ উভতি যাবৰ বাবে আহিছিল। ঘটনাটো সংঘটিত হয় চহৰখনৰ কাৰমাও আৰক্ষী থানাৰ অধীনত। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰেলৱে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক।












