ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়:
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ত আজিও অব্যাহত আছে চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায়।দুদিন পূৰ্বে ডুলীয়াজানৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কনডেনছেট তেল জব্দ কৰাৰ পাছত এইবাৰ ডিব্ৰুগড়ৰ খোৱাং অঞ্চলৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কনডেনছেট অইল।


যাৰ বজাৰৰ মূল্য প্ৰায় ৯ লাখ টকা বুলি জানিব পৰা গৈছে।সমগ্ৰ দেশৰ লগতে অসমতো লকডাউনৰ সময়টো চোৰাং তেলৰ গোপন বেহা অব্যাহত থকা কাৰ্যই সকলোকে হতভম্ব কৰি তুলিছে।গোপন সূত্ৰৰ পমখেদি ডিব্ৰুগড়ৰ আৰক্ষীৰ এক বৃহৎ দলে অভিযান চলাই জিলাখনৰ খোৱাং থানাৰ অন্তৰ্গত শেনচোৱা পুখুৰীৰ এঘৰত বৃহৎ পৰিমাণৰ কনডেনছেট অইলৰ ঘাটি উৎচ্ছেদ কৰে।
জব্দ কৰা প্ৰায় ১৫০০০ লিটাৰ কনডেনছেট অইলৰ বজাৰৰ মূল্য প্ৰায় ৯ লাখ টকা। আৰক্ষীয়ে তেল চুৰি চক্ৰটোৰ হিৰণ্য বৰা নামৰ এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে AS06L 6444 নম্বৰৰ এখন বিলাসী XUV গাড়ী আৰু AS06AC 2092 নম্বৰৰ এখন DI গাড়ী সহ দুটা ইলেকট্ৰনিক মটৰো জব্দ কৰে।আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা মতে ডিব্ৰুগড়ৰ খোৱাং থানাৰ অন্তৰ্গত শেনছোৱা পুখুৰীৰ যদু বৰা নামৰ লোকজনৰ বাসগৃহত মজুত কৰি থোৱা অৱস্থাত জব্দ কৰা হয় কনডেনছেট তেলখিনি।
ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) পদ্মনাভ বৰুৱাই কয় যে ডুলীয়াজানৰ নগাজান অঞ্চলৰ পৰা এই চোৰাং তেল সৰবৰাহ হয়।ঘটনাৰ লগত এক বিয়াগোম চক্ৰ জৰিত হৈ থকা বুলি কব পাৰি।আমি এই চক্ৰটো উৎখাট কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিম বুলি অতিৰিক্ত অধীক্ষক বৰুৱাই সদৰি কৰে।
ডিব্ৰুগড় জিলাৰ ডুলীয়াজান, মৰাণ, খোৱাং,ডিমৌ আদিত দীৰ্ঘদিনৰ পৰা চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও সমগ্ৰ তেলচুৰি চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হোৱা নাই।













