ASSAM TIMES POST
নিউজ ডেস্ক:
“যিমান সোনকালে পৰা যায় লকডাউন উঠাই দিব লাগে।তাৰ পৰিৱৰ্তে হটস্পট সমূহত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।অন্যথা লাখ লাখ মানুহ ভোকাটো-কৰ্মহীন হ’ব”- চৰকাৰলৈ এই গুৰুত্বপূৰ্ণ আহ্বান ৰাজ্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।বিগত ডেৰ মাহৰ লকডাউনত বিধ্বস্ত হৈছে অৰ্থনীতি।দেশত ১১১ কোটিৰ মানুহ কৰ্মহীন হৈ পৰিছে।ইয়াৰ পিছতো যদি লকডাউন দীঘলীয়া হয় তেন্তে পৰিমাণ কি হব ভাবি ছোৱা উচিত।
স্বাস্থ্যৰ নামত জীৱিকা উপাৰ্জন বন্ধ কৰিলে নহব।জীৱিকাক আমি জীয়াই ৰাখিব লাগিব।কাৰণ স্বাস্থ্য ৰক্ষাৰ বাবে মানুহক অৰ্থ প্ৰয়োজন হব”-গগৈয়ে কয়।বেমাৰৰ পৰা সুস্থ হৈ থাকিবলৈ সকলো সতৰ্ক হব লাগিব বুলি উল্লেখ কৰি লগতে কয় “সৰ্বসাধাৰণ ৰাইজে দুবেলা-দুমুঠি খাবলৈ চিন্তা কৰিব লগা হৈছে।২১শতিকাত মানুহে শ-শ কিঃমিঃ পদযাত্ৰা কৰিব লগা হৈছে।ছবিবোৰ দুখৰ।কোভিদে-১৯য়ে ভাৰতৰ দুখীয়া ছবিখন দাঙি ধৰিছে”।
প্ৰধানমন্ত্ৰী মোডীয়ে পৰিকল্পনা নকৰাকৈ লকডাউন ঘোষণা কৰিছিল।ফলত শ্ৰমিক, দুখীয়া-দৰিদ্ৰ সকল যন্ত্ৰণাত ভুগিব লগা হৈছে।শেহতীয়া কৈ বুজি পাইছে শ্ৰমিক সকলক নিজ নিজ ৰাজ্যলৈ ঘূৰি যাবলৈ অনুমতি দিছে বুলি উল্লেখ কৰি গগৈয়ে কয় “সংক্ৰমন বেছি যদিও ক’ৰনাত মৃত্যু সংখ্যা কম এইটো এটা ভাল খবৰ।পূর্বতে বহু বেমাৰত ইয়াতকৈ বেছি মানুহ মৃত্যু হোৱাৰো ঘটনাৰ সংঘটিত হৈছে”।
সোনোৱাল চৰকাৰে বহি ৰাজ্যত আৱদ্ধ হৈ থকা আমাৰে ককাই-ভাই-ভনী সকলক অসমলৈ উভতাই অনাৰ বাবে কোনো প্ৰচেষ্টা চলোৱা নাই।মন্ত্ৰী হিমন্তই কব বিচাৰে তেওঁলোকক আনিলে বেমাৰ বৃদ্ধি পাব।সেই প্ৰসঙ্গত তেওঁ কয় “বেমাৰ হল বুলি নিজৰ বাই-ভনী, ককাইহতক দলিয়াই পেলাই দিম নিকি!কা’ জৰিয়তে বাংলাদেশী আঁকোৱালি লব বিচৰা সকলে এতিয়া অসমৰ মানুহক আঁকোৱালি নোলোৱাতো দুৰ্ভাগ্যজনক”।শেহতীয়া ভাৱে কেন্দ্ৰৰ নির্দেনত বাধ্যত পৰি অসমৰ ব্যক্তি সকলক উভতাই আনিবলৈ লৈছে।













