ASSAM TIMES POST
গুৱাহাটী :কোভিড-১৯ আতংকৰ মাজতে আছে এক ভাল খবৰ।আজি ৰাজ্য ৫ জনকৈ কোভিড-১৯ আক্রান্তক দিয়া হয় ৰিলিজ।গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত সুস্থ হৈ উঠা আক্রান্ত কেইজন হৈছে বঙাইগাঁও।এই কথা টুইটাৰ জৰিয়তে প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ যে বঙাইগাঁও আক্রান্ত কেইজন চিকিৎসাৰ বাবে গুৱাহাটীৰ এম এম চি এইচলৈ অনা হৈছিল।ইফালে আজি পাছ জনক ৰিলিজ দিয়াৰ পিচত বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ থকা ৰোগী সংখ্যা ২৩জনলৈ হ্ৰাস পালে।ৰাজ্যত মুঠ আক্রান্ত হৈছে ৬৪জন।তাৰ দুজন মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈছে ৩৯ জন।













