ASSAM TIMES POST
গুৱাহাটী :স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ পোষ্ট সম্পাদনা কৰি ভুৱা খবৰ প্ৰকাশ কৰাৰ দুষ্টচক্ৰ বিৰুদ্ধে গোচৰ ৰুজু।গুৱাহাটী ক্ৰাইম ব্ৰান্সে নিজাকৈ গোচৰ ৰুজু কৰিছে। ক্ৰাইম ব্ৰান্সৰ গোচৰ নং ০৬/২০২০ ধাৰা ৪৭১, ৪৬৯ আইপিচি আৰু ৬৬(ডি) আই.টি এক্ট।
এই কথা প্ৰকাশ কৰিছে ক্ৰাইম ব্ৰান্সৰ ফালৰ পৰা।উল্লেখ যে মন্ত্ৰী শৰ্মা টুইটাৰ কোভিড-১৯ সন্দৰ্ভত এটা পোষ্ট স্কীন’শ্বট গ্রাফিক্স ব্যৱহাৰ কৰি সম্পাদন কৰি ভুৱা খবৰ বিয়পাই দিছিল। দুষ্টচক্ৰটোৱে কাছাৰৰ আজমেৰ বিশেষ বাছ খনৰ আঠ গৰাকীৰ যাত্ৰী নতুনকৈ ক’ৰনা আক্রান্ত বুলি খবৰ প্ৰচাৰ কৰিছিল।লগতে ৰাজ্যত ৭০ জনলৈ ক’ৰনাৰ আক্রান্ত বৃদ্ধি হোৱা বুলি ভুৱা খবৰ প্ৰকাশ কৰিছিল”।













