ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : লক-ডাউনৰ মাজতে কাজিৰঙাত এটি নিৰিহ হাতীৰ কৰুণ মৃত্যুক লৈ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী বাদী যুৱছাত্ৰ পৰিষদে ৷ কিছুদিন ধৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহত হৈ মৃত্যু যন্ত্ৰণা ভুগি চটফটাই অৱশেষত মৃত্যুক সাৱটিলে কাজিৰঙাৰ বন্যহস্তীটোৱে ৷
পলমকৈ হ’লেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল যদিও সোমবাৰে নিশা মৃত্যু হয় হাতীটোৰ ৷ উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ পৰা ওলাই অহা ভৰিত আঘাট প্ৰাপ্ত হাতীটোৱে দাঁতি কাষৰীয়া খেতি পথাৰত দীৰ্ঘ দিন ধৰি বিচৰণ কৰি খেতি-বাতিৰ অনিষ্ট সাধন কৰি অহাৰ পাছত হাতীটো বনবিভাগে ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ খেদি পঠিয়াইছিল।
কিন্তু দেওবাৰে পুৱা হাতীটো ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত তেতেলীগুৰি বনশিবিৰৰ সমীপত বোকাত ঢলি পৰে। প্ৰথম অৱস্থাত বনবিভাগে হাতীটোৰ চিকিৎসাৰ কোনো ব্যৱস্থা কৰা নাছিল যদিও সংবাদ মাধ্যমত বাতৰি প্ৰচাৰৰ পাছতে তৎপৰ হৈ পৰে বনবিভাগ । বোকাত আৱদ্ধ হোৱাৰ সম্পূৰ্ণ এটা দিনৰ পাছত চিকিৎসকে হাতীটোক চিকিৎসা কৰে যদিও সোমবাৰে নিশা হাতীটোৰ মৃত্যু হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সূত্ৰ মতে পাৰস্পৰিক যুজঁত এখন ভৰিত আঘাট পাইছিল হাতীটোৱে ।
ভৰিৰ হাড় ভাগি যোৱা হাতীটোৰ প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল ৷ কিন্তু কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত থকা চিকিৎসা ব্যৱস্থাৰ বাদে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীটোৰ ভৰিৰ চিকিৎসা কৰিব পৰা সামগ্ৰী নাই ।
পৰিষদে সমগ্ৰ ঘটনাক বন বিভাগৰ গাফিলতি বুলি অভিযোগ উত্থাপন কৰিছে আৰু পৰিষদৰ বোকাখাত জিলা সমিতিৰ সম্পাদকে অলপতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যাৰ লগতে হাতীটোৰ মৃত্যুৰ ঘটনাৰ উচিৎ তদন্তৰ ব্যৱস্থা ল’বলৈ বনমন্ত্ৰীক দাবী জনাইছে।













