ASSAM TIMES POST
গোলাঘাটঃ লক ডাউনৰ সময়ছোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে স্বাস্থ্য মন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰী বিধায়কে ক’ৰনা সৈতে যুঁজিবলৈ দিন ৰাতি একাকাৰ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা দেখা পোৱা গৈছে ঠিক তেনে সময়তে গোলাঘাটৰ এটা চৰকাৰী কাৰ্য্যালয়ৰ কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনাই তবধ মনাইছে সকলোকে।
দিনৰ ৩ বজাতে কৰ্মৰচাৰীয়ে এৰে কাৰ্য্যলয়। যাৰ ফলত হাৰাহাস্তিৰ সন্মুখীন কৃষক ৰাইজ। ইফালে চচিয়েল মিডিয়াত ভাইৰেল হৈছে কাৰ্যলয়টোৰ ধোৱাং বাং পৰিবেশ। উল্লেখ্য যে গোলাঘাট মীন বিভাগৰ কাৰ্যালয়ৰ এনে পৰিৱেশ এতিয়া ছ’চিয়েল মিডিয়াইত ভাইৰেল হৈ পৰিছে।
কাৰ্যালয়টোৰ শূণ্য চকী, খালী টেবুল। প্ৰতিটো খালী কক্ষতে চলি থকা পৰিলক্ষিত হয় চিলিং ফেন।কাৰ্যালয়টোৰ এনে হতবাক কৰি তোলে কৃষক ৰাইজক। যাৰ বাবে ছ’চিয়েল মিডিয়াইত ভাইৰেল হৈ পৰা ভিডিঅ’ত কাৰ্যলয়টোৰ এনে ধোৱাং বাং পৰিবেশ দেখিবলৈ পোৱা যায়।
এতিয়া এনেদৰেই চলি আছে একাংশ চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী কৰ্মসংস্কৃতিৰ নমুনা। ইফালে সাংবাদিকৰ উপস্হিত হোৱাৰ খবৰ পাই লৰালৰিকৈ উপস্হিত হৈ বিভাগটোৰ ফিল্ড অফিচাৰ গৰাকীয়ে কাৰ্যলয়টোৰ পৰিবেশ দেখি নিজে স্বীকাৰ কৰে অৰাজক অৱস্হাৰ কথা। অন্যহাতে লক্ষণীয় কথাটো হ’ল যে কাৰ্যালয়টো বন্ধ কৰাৰ দায়িত্বত আছে এজন প্ৰাক্তন কৰ্মচাৰী।
এতিয়া এইদৰে চলিছে গোলাঘাটত মীন বিভাগৰ। গোলাঘাটৰ চৰকাৰী এই কাৰ্যলয়টোৰ এই দুৰৱস্থাই এতিয়া সকলোৰে চকু কঁপালত তুলিছে। কিন্তু ইমানৰ পাছতো কাৰ্যালয়টোৰ কৰ্মচাৰীৰ বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ’ব।













