ASSAM TIMES POST
নগাঁও : সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শেহতীয়া এক কৰ্মকাণ্ডক লৈ নগাঁৱত সৰৱ চৰ্চা চলিছে । বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীৰ অবিবেচকী কাণ্ডৰ বাবেই বিভাগটোৰ প্ৰতি সময়ে সময়ে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈ আহিছে ।
বিশেষকৈ লক ডাউনৰ সময়ছোৱাত বিভাগটোৰ একাংশ বিষয়া- কৰ্মচাৰীৰ নিষ্ঠাবান সেৱাৰ বিপৰীতে আন একাংশৰ পালমৰা স্বভাৱৰ বাবেই বৰ্তমান নগাঁৱৰ বহু লোকে বিসংগতিপূৰ্ণ বিল লাভ কৰিব লগাত পৰিছে। উত্থাপিত অভিযোগ মতে,নগাঁও চহৰৰ লক্ষীনগৰৰ এছ এন শইকীয়া নামৰ এজন লোকৰ গৃহৰ মাহিলি বিদ্যুতৰ মাচুলৰ বাবদ বিদ্যুৎ বিভাগে ভুলকৈ প্ৰস্তুত কৰা এখন বিল প্ৰেৰণ কৰিছিল।
বিভাগটোৱে প্ৰদান কৰা বিলখনত ৫০৯ ইউনিট খৰছ কৰাৰ বিপৰীতে ৩০০০টকা আদায় দিয়াৰ নিৰ্দেশ দিছিল। কিন্তু শইকীয়াৰ ঘৰৰ মিটাৰত উক্ত মাহত মাত্ৰ ১০৭ ইউনিট খৰছ হোৱাহে দেখা গৈছিল। সেয়ে শইকীয়াই এই সন্দৰ্ভত শক্তি বিভাগৰ উত্তৰ হয়বৰগাঁৱৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰে। শইকীয়াৰ অভিযোগৰ পিছতে বিদ্যুৎ বিভাগে শুদ্ধ বিল পঠিওৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ভুলকৈ প্ৰেৰণ কৰা বিলখন আদায় দিয়াৰ প্ৰয়োজন নাই বুলিও জনায়।
আনহাতে আজি পুৱা বিদ্যুৎ বিভাগে শুধৰাই পঠিওৱা বিলখন দেখি শইকীয়াৰ চকু কপালত উঠে। শুধৰাই দিয়া বিলখনৰ মতে শক্তি বিভাগে গ্ৰাহক জনক ৯৯৯৯৯ ইউনিটৰ বিপৰীতে এমাহত ৭৭লাখ ২০ হাজাৰ ৭৭৫ টকা আদায় দিয়াৰ নিৰ্দেশ দিয়ে । এই বিল পোৱাৰ পিছতেই শক্তি বিভাগৰ প্ৰতি খৰ্গহস্ত হৈ পৰে শইকীয়া। পূৰ্বৰ ৩০০০টকাৰ ভুল বিল শুদ্ধ কৰিবলৈ গৈ ৭৭লাখ টকাৰ বিল লাভ কৰাৰ পিছত স্বাভাৱিকতেই হতভম্ব হৈ পৰে গ্ৰাহকজন।
একেদৰে চামগুৰি শক্তি বিভাগেও ভালেসংখ্যক লোকক ভুলকৈ উচ্চহাৰত বিল প্ৰদান কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বিগত ৪ মাহে পুৰণিগুদাম বৰপানীগাঁৱৰ মৃত চন্দ্ৰকমল বৰাৰ নামত থকা বিদ্যুৎ সংযোগৰ বিপৰীতে বিল নহাত অভিযোগ দিছিল তেঁওৰ পত্নী বিনু বৰাই।
সেই অভিযোগৰ পিছতেই চামগুৰি শক্তি বিভাগৰ তৰফৰ পৰা বিসংগতিপূৰ্ণ ভাৱে ১৬ হাজাৰ টকাৰ এখন বিল প্ৰেৰণ কৰে। এনেদৰে বিভাগটোৰ একাংশ কৰ্মচাৰীৰ নাভূত-নাশ্ৰুত কাণ্ডই গ্ৰাহকক বাৰুকৈয়ে জ্বলা কলা খুৱাইছে ।













