ASSAM TIMES POST
গুৱাহাটী : লকডাউনৰ মাজতে বুধবাৰে ৰাতি ১বজাত গুৱাহাটীৰ হাটীগাঁও আৰক্ষীয়ে নিয়মীয়া তালাচীত জব্দ কৰে ১৭লাখ টকা।গণেশগুৰি দিশৰ পৰা হাতীগাঁও লখিমী নগৰৰ দিশত গৈ থকা AS 01 BG 2443 নম্বৰৰ মহিন্দ্ৰাৰ ভেৰিট’ গাড়ীখনৰ পৰা জব্দ কৰিছে টকাখিনি।টকা সহ আৰক্ষীয়ে এছবি কনিষ্টবল সঞ্জীৱ কুমাৰ দাস, কয়লা ব্যৱসায়ী ইফটিকাৰ আলীক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ সূত্ৰ পৰা জানিব দিয়া অনুসৰি যিহেতু লকডাউনৰ বাবে সন্ধিয়া ৬বজা পৰা জৰুৰীকালীন সেৱা বাহিৰে বাকী সকলো বন্ধ থাকে।তাৰ বাবে নিয়মিয়া তালাচী চলোৱা ব্যৱস্থা কৰা হৈছিল।সেই তালাচী সময়ত ধৰা পৰিছিল টকাখিনি।ইফালে টকা খিনি উপযুক্ত প্ৰমাণ দিব নোৱাৰা বাবে জব্দ কৰাৰ লগতে আৰোহি দুজনক গ্ৰেপ্তাৰ কৰা হয়।আৰক্ষীয়ে লগতে কয়।
ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে ২৪৯/২০২০নম্বৰৰ এক গোচৰ।উক্ত গোচৰত ভাৰতীয় দণ্ডবিধি ১৮৮/২৬৯/২৭০ ধাৰা ৰুজু কৰা হৈছে।ইফালে গ্ৰেপ্তাৰ কৰাৰ দুইজন ব্যক্তিক জামিনত মুকলি কৰি দিয়া হয় যদিও টকা খিনি জব্দ কৰে আৰক্ষীয়ে।
উপযুক্ত প্ৰমাণ দিব পাৰিলে ঘূৰাই পাব টকাখিনি।আৰক্ষীয়ে লগতে কয়।উল্লেখ যে আৰক্ষীৰ মতে দিছপুৰৰ দিশৰ পৰা জুৱা খেলি আহি আছিল দুয়োজন।ইফালে ব্যক্তি দুজনক গ্ৰেপ্তাৰ পিছতে অভিযোগ উথাপন হৈছে শাসকীয় দলৰ উজনিৰ ২ বিধায়কৰ সম্পৰ্কৰ থকা।













