ASSAM TIMES POST
গুৱাহাটী : গুৱাহাটী ফাঁচী বজাৰৰ ক’ৰনা আক্রান্ত ঘটনা মংগৰু চাহানি সংস্পৰ্শলৈ অহা ৩২জন লোকৰ নমুনা সংগ্ৰহ কৰা হৈছিল।তাৰে ১৫ জনৰ পজিটিভ আহিল।সেই ১৫জন পজিটিভৰ সংস্পৰ্শত থকা ৩৪০ গৰাকী লোকৰ আজি সংগ্ৰহ কৰা হৈছে ছোৱাব।ছোৱাবৰ ফলাফল যদি একাধিক লোকৰ পজিটিভ আহে তেন্তে যোৱা এক সপ্তাহ ফাঁচী বজাৰৰ আলোপট্টি, ৰাজকমল হোটেল আদি অঞ্চলত যোৱা লোকৰ ছোৱাব টেষ্ট কৰা হব।
এই গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।লোকসকল চিনাক্ত কৰাৰ বাবে প্ৰয়োজনত মোবাইল টাৱাৰ লোকেচন ভিত্তিত চিনাক্ত কৰা হব।নতুবা কোনো সেইফালে যোৱা ব্যক্তি সকলে ১০৪ নম্বৰত স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰি সহযোগিতা কৰিব পাৰিব।
উল্লেখ যে যোৱা ৪মে’ৰ পৰা অসমত শ্ৰীৰামপুৰ গেটেৰে ৪০৬০জন, ছাগলীয়া গেটেৰে ৬৩০জন আৰু উত্তৰ-পূৰ্বৰ পৰা ৬৪১২জন লোক অসমত আহিছে।এই কথা প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই। আজি ৰাতিটো আমাৰ বাবে প্ৰত্যাহ্বানৰ দিন বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় “দিল্লী-ডিব্ৰুগড় বিশেষ যাত্ৰীবাহী ৰেল আৰু কৃষক শ্ৰমিক এক্সপ্ৰেছ অসম হৈ মিজোৰাম যাব প্ৰথমবাৰৰ বাবে।ৰেল গাড়ী দুখনত ক্ৰমে ২১৯, ৬২৫জন অসমৰ যাত্ৰী আহিব।
সেইসকল যাত্ৰীক আমি ৰিচিভ কৰিব লাগিব”।অসম চৰকাৰে কানাডা পৰা বিশেষ যন্ত্ৰ আনি গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত কোভিড চিকিৎসালয় নিৰ্মাণ চলি আছে।অহা ১০ দিনৰ ভিতৰতে সম্পূৰ্ন হব চিকিৎসালয়।আল্টাৰ ভায়লেট দ্বাৰা ক’ৰনা ধ্বংস কৰাৰ ব্যৱস্থা থাকিব চিকিৎসালয় খনত-মন্ত্ৰী শৰ্মাই কয়।কোৱাৰেণ্টাইনত থকা ব্যক্তি তথা যি সকলক বহি ৰাজ্য পৰা অসম লৈ আহিব তেওঁলোকক আহ্বান জনায় তেওঁ কয় “খোৱা-বোৱাক লৈ যাতে কোনেও অভিযোগ নিদিয়ে।
আমি বিয়া সবাহ পতা নাই।বেমাৰৰ বিৰুদ্ধে আমাৰ যুজঁ আৰম্ভ হৈছে”।ৰাজ্য বিভিন্ন জিলাত বিদ্যালয়-মহাবিদ্যালয়, তথা অনুষ্ঠানৰ পৰিৱৰ্তে পৃথক-পৃথক টয়লেট থকা হোটেল সমূহ ব্যৱহাৰ কৰাৰ বাবে জিলা প্ৰশাসনক নির্দেশ দিয়া হৈছে।টুৰিষ্ট লজ, চৰকাৰীৰ পৰ্যটন ভৱন ব্যৱহাৰ কৰা হব। ১৫ শতাংশ কোৱাৰেণ্টাইন চেণ্টাৰ তেনেদৰে ঠিক কৰিব পাৰিম-মন্ত্ৰী শৰ্মাই কয়।
ইফালে এতিয়াৰে পৰা ৭৫বছৰৰ উদ্ধ ব্যক্তি, গৰ্ভৱতী মহিলা, ১০ বছৰৰ তলৰ শিশু, দিব্যাংগ সকলক ঘৰত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিব পাৰিব।কিন্তু তাৰ বাবে গৃহস্থই এখন লিখা দিব লাগিব সম্পূৰ্ন ঘৰতো কোৱাৰেণ্টাইন কৰা হব বুলি।ফলত ১৪দিনৰ খাদ্য জিলা প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।আজি পৰা কোভিড-১৯ ৰিপৰ্ট প্ৰতিজন লোকে নিজৰ মোবাইল নম্বৰত লাভ কৰিব।













