ASSAM TIMES POST
অজন্তা তালুকদাৰ
বিগত দীৰ্ঘকালীন লক-ডাউনৰ পাছত সম্প্ৰতি অসমলৈ উভতিছে বহিঃৰাজ্যত আবদ্ধ বহু যুৱক-যুৱতী, লগত লৈ আহিছে ভয়াবহ মহামাৰীৰ সংক্ৰমণৰ দুঃসম্ভাৱনা। অসমত কৰ’না সংক্ৰমণৰ প্ৰথম পৰ্যায়তে সৰ্বাধিক ৯ জনকৈ কৰ’না পজিটিভ ৰোগীৰে গোলাঘাট জিলা অসমৰ শীৰ্ষস্থানত থকাৰ পাছতে সকলো সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ পাছত জিলাখন এক স্বাভাৱিক অৱস্থালৈ আহিছিল যদিও আজি ২ জনকৈ কৰ’না পজিটিভ ৰোগীৰ উপস্থিতিৰে পুণৰ কৰ’ণাতংকত ডুবিল জিলাখন।
জানিব পৰা মতে যোৱা ১৬ মে’ত চেন্নাইৰ পৰা গোলাঘাট জিলাত আহি উপস্থিত হোৱা চাৰিজনকৈ যুৱকক কঁহৰাৰ অৰণ্য শীৰ্ষক কোৱাৰেন্টাইন কেন্দ্ৰত নিৰীক্ষণত থকা সময়তে আহে এই দুঃসংবাদ। থ্ৰ’ট-চোৱাপ পৰীক্ষাৰ অন্তত উৎপল বৰা আৰু ৰূপম বৰা নামৰ যুৱক দুজনৰ শৰীৰত কৰ’না পজিটিভ ধৰা পৰিছে।
বিশেষ সূত্ৰৰ মতে দুয়োজনৰ ঘৰ জিলাখনৰ গমাৰী অঞ্চলৰ চৰাইমাৰী আৰু কাছমাৰী গাঁৱত। অৱশ্যে কোৱাৰেণ্টাইন কেন্দ্ৰত লগতে থকা বাকী দুজনৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে আৰু দুয়োজন এতিয়া অৰণ্য কোৱাৰেন্টাইন কেন্দ্ৰতে নিৰীক্ষণত আছে।
পৰীক্ষাৰ অন্তত উৎপল বৰা আৰু ৰূপম বৰাক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত থকা কভিড-১৯ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই দুজন ৰোগীৰ সৈতে জিলাখনত এই পৰ্যন্ত মুঠ ১১ জন কৰ’না পজিটিভ চিনাক্ত হ’য়।
উল্লেখ্য যে গোলাঘাট জিলাত কভিড-১৯ ৰ আক্ৰমণত এতিয়ালৈ মৃত্যুৰ সংখ্যা শূণ্য যদিও অলপতে কেঞ্চাৰ ৰোগী পত্নীৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈ দিল্লীৰ লোকনায়ক জয় প্ৰকাশ নাৰায়ণ হস্পিটেলত কভিড-১৯ ৰ আক্ৰমণত মৃত্যু হয় বোকাখাতৰ অজিত শইকীয়াৰ। শইকীয়াই হ’ল দিল্লীত মৃত্যু বৰণ কৰা জিলাখনৰ প্ৰথম গৰাকী কৰ’ণা সংক্ৰমিত ৰোগী।













